উজ্জ্বল ছালৰ বাবে এলোভেৰাই কি ভূমিকা গ্ৰহণ কৰে?

0
1413

আমাৰ প্ৰায় সকলোৰে ঘৰত এজোপা এলোভেৰা গছ দেখা পোৱা যায়েই৷ এলোভেৰাৰ গুণাগুণ কম-বেছি পৰিমাণে সকলোৱে জানে৷ শীতকালত এলোভেৰা গছজোপাই ছালখনৰ কাৰণে হাতিয়াৰৰ দৰে কাম কৰে৷ এলোভেৰাৰ দ্বাৰা শুকান ছালখনৰ মসৃণতা ঘূৰাই আনিবলৈ কিছু সহজ টিপ্‌ছ জানো আহক–

(১) এলোভেৰাই ছালৰ অতিৰিক্ত তেলভাব নিয়ন্ত্ৰণ কৰে৷ এলোভেৰা ছালত সানিলে ছালখন সকলো সময়তে ফ্ৰেচ হৈ থাকে৷
(২) এলোভেৰাৰ গছজোপাৰ পৰা জেলখিনি আহৰণ কৰি মুখত সানিলে ছালখন মসৃণ আৰু উজ্জ্বল হয়৷
(৩) এলোভেৰাৰ ৰস প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট যুক্ত৷ ইয়ে ছালখন সতেজ কৰি ৰাখে৷
(৪) এলোভেৰা যথেষ্ট পৰিমাণে এণ্টিছেপটিক, এণ্টিভাইৰেল বিশিষ্ট হোৱা হেতুকে ৰ’দ, ধূলি-বালি, প্ৰদূষণ আদিৰ পৰা ছালখনক সুৰক্ষা দিয়ে৷
(৫) কটা দাগ, ক্ষতচিহ্ন, শালমইনাৰ দাগ আদি থাকিলে মুখত এলোভেৰা জেল সানিব লাগে৷ এই জেলে ছালৰ দাগ নাইকিয়া কৰে৷
(৬) এলোভেৰাৰ জেলে ৰুক্ষ ছাল হাইড্ৰেট আৰু মইশ্বাৰাইজ কৰে৷ যাৰ ফলত ছালখন মসৃণ আৰু প্ৰাণৱন্ত হৈ উঠে৷
(৭) মুখৰ ছাল শোতোৰা পৰা, বলিৰেখা দূৰ কৰাত এলোভেৰা জেলে নিৰ্ণায়ক ভূমিকা পালন কৰে৷ ইয়াত থকা ভিটামিন-চি, ভিটামিন-ই, বিটা কেৰ’টিনে ছালখনৰ বয়সকালীন চাপ, ক’লা দাগ, ছালৰ শুষ্কতা দূৰ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here