ইমিউনিটি কেনেকৈ ধৰি ৰাখিব পাৰি?

0
1809

বৰ্তমান ঠাণ্ডা গুচি গৰমৰ দিন সমাগত৷ গৰমৰ আৰম্ভণিতে ফাগুনৰ পছোৱাজাকেও সকলোকে কোবাই যায়৷ সকলোপিনে কেৱল ধূলিয়ৰি পৰিৱেশ৷ ইয়াৰ লগে লগে ফাগুনে কঢ়িয়াই লৈ আহে বিভিন্ন ভাইৰাছ, বেমাৰৰ বীজাণু ইত্যাদি৷ এনেকুৱা সময়ত বতৰৰ জলবায়ুৰ উষ্ণতা উঠা-নমা কৰি থাকে৷ যাৰ বাবে আমাৰ শৰীৰটোকো জলবায়ুৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাবলৈ সময় লাগে৷ শৰীৰৰ ইমিউনিটি ধৰি ৰখাটো এই সময়ৰ বাবে অতিকৈ প্ৰয়োজনীয়, কিয়নো ইমিউনিটি শক্তিশালী নহ’লে এনেকুৱা বতৰত আপোনাক বেমাৰে সহজে আক্ৰমণ কৰিব পাৰে৷ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল হ’লে এনেধৰণৰ বতৰত জ্বৰ, কাহ, চৰ্দি হোৱাটো স্বাভাৱিক৷ গতিকে ইমিউনিটি ধৰি ৰাখিবলৈ পুষ্টিকৰ তথা সুষম আহাৰ গ্ৰহণ কৰাটো অতি আৱশ্যক৷ ইয়াৰ লগতে কিছুমান খাদ্য সামগ্ৰী, যাক Immunity boosting foods বুলিও কোৱা হয়, তেনেধৰণৰ ঘৰতে উপলব্ধ খাদ্য সামগ্ৰী ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ইমিউনিটি ধৰি ৰাখিব পাৰে–

(১) জালুকে প্ৰাকৃতিকভাৱে ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়, যিয়ে এণ্টিবেক্টেৰিয়েল হিচাপে শৰীৰৰ টক্সিন নিষ্কাশন কৰাত সহায় কৰে৷ ইয়াৰ বাবে বিলাহী-জালুকৰ চুপ, জালুক দিয়া চাহো খাব পাৰে৷


(২) কাহ-চৰ্দিত ব্যৱহাৰ হোৱাৰ উপৰিও এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল, এণ্টিভাইৰেল আৰু এণ্টিঅক্সিডেণ্ট গুণৰ অধিকাৰী নহৰুৱে ইমিউনিটি যোগান ধৰাত বিশেষ ভূমিকা লয়৷ ইয়াত থকা ছালফাৰযুক্ত এলিচিনৰ বাবে ই আমাৰ শৰীৰৰ নানা উপকাৰ সাধন কৰিব পাৰে৷ ইমিউনিটি বৃদ্ধি কৰিবলৈকে নহৰুৰে চাহ বনাই লগত সামান্য আদা বা মৌ মিহলাই খাব লাগে৷


(৩) এণ্টিইনফ্লেমেটৰি তথা এণ্টিএক্সিডেণ্ট সমৃদ্ধ আদাই গলৰ চৰচৰণি, বুকুত জমা হোৱা কফ নিৰাময় কৰাৰ লগতে ইমিউনিটি ধৰি ৰখাটো সহায় কৰে৷ ইয়াৰ বাবে আদাৰে তৈয়াৰী চাহ উত্তম৷
(৪) নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি, এণ্টিবেক্টেৰিয়েল থাকে, যিয়ে শৰীৰৰ ইমিউনিটি বৃদ্ধিত অৰিহণা যোগায়৷ ইয়াৰ বাবে নেমুৰ পানীৰ লগত অলপ মৌ মিহলাই সেৱন কৰিব লাগে৷


(৫) স্বৰ্ণদুগ্ধ নামেৰে পৰিচিত হালধি মিশ্ৰিত গাখীৰো ইমিউনিটি ধৰি ৰখাত সহায় কৰে৷
(৬) গৰম পানীৰ সৈতে মৌ মিহলাই সেৱন কৰিও ইমিউনিটি বৃদ্ধি কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here