Home Daily news ইথানল মিশ্ৰিত পেট্ৰলে ইঞ্জিনৰ ক্ষতি নকৰে

ইথানল মিশ্ৰিত পেট্ৰলে ইঞ্জিনৰ ক্ষতি নকৰে

ইথানল মিশ্ৰিত পেট্ৰল ইঞ্জিনৰ কাৰণে ক্ষতিকাৰক নহয়৷ ব্ৰাজিলত ২৭ শতাংশ  ইথানল মিশ্ৰিত পেট্ৰল কেতিয়াবাৰ পৰাই ব্যৱহৃত হৈ আহিছে৷ আমাৰ দেশতো এনে পেট্ৰল আৰম্ভ কৰা হৈছে যদিও পৰ্যাপ্ত উৎপাদনৰ অভাৱত বিশেষকৈ উত্তৰ-পূবত ইয়াৰ যোগান ধৰাত কিছু সমস্যাৰ সৃষ্টি হৈছে৷ কিন্তু শীঘ্ৰেই আই অ’ চি এলৰ ৰিফাইনেৰীসমূহত ইয়াৰ উৎপাদন বৃদ্ধি কৰা হ’ব৷ উল্লেখ্য যে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ অসম অইল ডিভিজনে ভাগ্যৱান ড্ৰ বিজয়ীসকলক চিৰাঙৰ কাজলগাঁৱত নতুনকৈ আধুনিকীকৰণ কৰা ইণ্ডিয়ান অইল আউটলেটত পুৰস্কাৰসমূহ বিতৰণ কাৰ্যসূচীত আই অ’ চি এলৰ অধ্যক্ষ শ্ৰীকান্ত এম বৈদ্যই এইদৰে ব্যক্ত কৰে৷ এম এছ/ডিজেল/এক্স পি ১০০/ ছাৰ্ভো লুব্‌ছ গ্ৰাহকৰ বাবে ছেপ্টেম্বৰত উৎসৱ ধামাকা অভিযান ঘোষণা কৰা হৈছিল আৰু বিজয়ীসকলক এটা ভাগ্যৱান ড্ৰৰ আধাৰত বাছনি কৰা হৈছিল৷ আঁচনিখন উত্তৰ-পূবৰ ৭৫০টা পেট্ৰল পাম্পত গ্ৰাহকসকলৰ বাবে মুকলি আছিল৷ ৩৪খন বাজাজ বাইক, ৩খন ডাটচুন কাৰ, ৭৫০টা গ্লাছ কুক টপ ড্ৰৰ জৰিয়তে এই মেগা অভিযানত গ্ৰাহকসকলক বিতৰণ কৰা হয়৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্য অতিথি আই অ’ চি এলৰ অধ্যক্ষ শ্ৰীকান্ত এম বৈদ্যই কয় যে এনেধৰণৰ অনুষ্ঠান আৰু অভিযানে ব্ৰেণ্ডটোৰ গ্ৰাহকসকলৰ মাজত সদিচ্ছা সৃষ্টি কৰি তেওঁলোকৰ পেট্ৰল আউটলেটত নতুন পদযাত্ৰা সৃষ্টি কৰি গ্ৰাহকসকলৰ বিশ্বাস কঢ়িয়াই আনিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যিক মুৰব্বী জি ৰমেশ আৰু ৰাজ্যিক খুচুৰা ব্যৱসায়ৰ মুৰব্বী ৰাজা মুনি তাম্ৰকাৰ আৰু গুৱাহাটীৰ বিভাগীয় খুচুৰা মুৰব্বী মৃণাল তালুকদাৰ অনুষ্ঠানটোত উপস্থিত থাকে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,