ইথানল প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰৰ বিশেষ নীতি

0
1016


অসমত জৈৱিক ইন্ধন হিচাপে ইথানল প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ উৎসাহমূলক নীতি গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে কালি কেবিনেটত অসম ইথানল উৎপাদন উৎসাহন নীতি, ২০২১ত ( Assam Ethanol Production Promotion Policy 2021) অনুমোদন জনায়৷ এই নীতিৰ ফলত অসমত ইন্ধনৰ সৈতে মিহলি কৰিবলৈ তেল কোম্পানীসমূহক বিক্ৰী কৰিবলৈ ইথানল প্ৰস্তুত কৰা উদ্যোগক বৃহৎ সাহায্য আৰু ৰাজসাহায্য প্ৰদান কৰা হ’ব৷ আনহাতে এই নীতিৰ ফলত ইথানল উদ্যোগৰ সমানে অসমৰ কৃষক ৰাইজ আৰু গ্ৰাম্য অৰ্থনীতিতো ধনাত্মক প্ৰভাৱ পৰিব৷ এই কথা প্ৰকাশ কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ এখন সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অসম চৰকাৰে কেবিনেট বৈঠকত এই নীতিত অনুমোদন জনায়৷ এই নীতি ২০২৬ চনৰ ৩১ মাৰ্চলৈ কাৰ্যকৰী হ’ব আৰু কেৱল পেট্ৰল আৰু ডিজেলৰ সৈতে মিশ্ৰণ কৰিবৰ বাবে উৎপাদন কৰা স্বতন্ত্ৰ সেউজ ক্ষেত্ৰ উদ্যোগকহে এই বিত্তীয় উদগনি প্ৰদান কৰিব বুলি তেওঁ সদৰী কৰে৷ মন্ত্ৰীজনে কয় যে এনেদৰে ইথানল উৎপাদনৰ বাবে নীতি গ্ৰহণ কৰা অসম দেশৰ ভিতৰতে অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ লক্ষণীয় যে এনে নীতি গ্ৰহণ কৰা দেশৰ দ্বিতীয়খন ৰাজ্য অসম৷ বিহাৰে প্ৰথম এই নীতি গ্ৰহণ কৰিছিল৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ইথানল মিশ্ৰণেৰে ইন্ধনৰ আমদানি হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছে৷ এতিয়া প্ৰয়োজন হোৱাৰ ইন্ধনৰ হিচাপত ২০ শতাংশ মিথানল মিশ্ৰণ কৰিলে ভাৰতৰ বছৰি প্ৰায় ৩০ হাজাৰ কোটি টকা ৰাহি হ’ব৷ তিনি প্ৰকাৰৰ ইথানল প্ৰকল্প থকাৰ কথা জনাই মন্ত্ৰীজনে কয় যে G-2 প্ৰকাৰৰ প্ৰকল্পত গুৰ, কুঁহিয়াৰ, নষ্ট হোৱা খাদ্যশস্য আদিৰ পৰা ইথানল উৎপাদন কৰা হয়৷ G-2 প্ৰকল্পত খেৰ, নৰা, কাঠ, বাঁহ, প্লাষ্টিকৰ আৱৰ্জনা আৰু গোটা আৱৰ্জনাৰ পৰা ইথানল উৎপাদন কৰা হয়৷ আনহাতেG-3 প্ৰকল্পত শেলুৱৈৰ পৰা ইথানল উৎপাদন কৰা হয়৷ ইতিমধ্যে অসমত নুমলীগড় শোধনাগাৰ আৰু IOCL-এ ইথানল উৎপাদনৰ বাবে প্ৰকল্প স্থাপন কৰিছে৷ এই প্ৰকল্পত ফিনলেণ্ড আৰু নেদাৰলেণ্ডৰ দুটা কোম্পানীয়েও সহযোগ কৰা বুলি তেওঁ মন্তব্য কৰে৷ ইফালে ইথানল উৎপাদন উদ্যোগক বাঁহ আৰু নৰা বিক্ৰী কৰি অসমৰ কৃষক উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এতিয়াৰ পৰা অসমত বাণিজ্যিক ভিত্তিত বাঁহ খেতি কৰাৰ সুযোগ আহিব৷ ই ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশত সহায়ক হ’ব বুুলিও তেওঁ আশা প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here