ইতিবাচক পদক্ষেপ : জি এম চি এইচলৈ ৭৮খন আই চি ইউ বিছনা আই অ’ চি এলৰ

0
1453


যিসময়ত দেশৰ আন ৰাজ্যসমূহত চিকিৎসালয়ত আই চি ইউ বিছনাৰ নাটনিৰ বাবে কভিড ৰোগীৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশিত হৈ আহিছে, তেনে সময়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৭৮খন আই চি ইউ বিছনা আগবঢ়োৱা কাৰ্যক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে৷ উল্লেখ্য যে কভিড-১৯ মহামাৰীৰ যুঁজখনক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ আই অ’ চি এল-এ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৭৮খন আই চি ইউ বিছনা আগবঢ়াব৷ যোৱা ২৫ মে’ত দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ গুৱাহাটীস্থিত উত্তৰ-পূব বিপণন কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক তথা ৰাজ্যিক মুৰব্বী জি ৰমেশে মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰে৷ আই অ’ চি এলৰ এই প্ৰয়াসক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে ইয়াক সামাজিক দায়বদ্ধতাৰ এক উৎকৃষ্ট উদাহৰণ বুলি অভিহিত কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আই অ’ চি এলৰ এই প্ৰয়াসে ৰাজ্যখনৰ কভিড আক্ৰান্ত ৰোগীসকলক উপযুক্ত চিকিৎসা আগবঢ়োৱাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব৷ এই সাক্ষাৎ কালত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ গুৱাহাটীৰ উত্তৰ-পূব বিপণন কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক তথা ৰাজ্যিক মুৰব্বী জি ৰমেশৰ লগতে মুখ্য মহাপ্ৰবন্ধক (অপাৰেশ্যন) কে ভি ৰামানামূৰ্তি, ভাৰপ্ৰাপ্ত মহাপ্ৰবন্ধক (এল পি জি) এম বি মনোহৰ ৰয়, উপ-মহাপ্ৰবন্ধক (চি এছ আৰ) দিগন্ত ঠাকুৰীয়া উপস্থিত থাকে৷ আই অ’ চি এলৰ এনে ইতিবাচক পদক্ষেপে অনাগত দিনত কভিড ৰোগীসকলক যথেষ্ট পৰিমাণে সকাহ দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here