আয়ুষ্মান ভাৰত যোজনাত অন্তৰ্ভুক্ত হ’ল কভিডৰ বিনামূলীয়া চিকিৎসা

0
2076

যিকোনো হাস্পতালত কৰ’নাৰ চিকিৎসা কৰাবৰ বাবে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব আৰু হাস্পতাল কতৃৰ্পক্ষই এই ক্ষেত্ৰত কোনোধৰণৰ বাধা আৰোপ কৰিব নোৱাৰিব৷ প্ৰতিখন জিলাৰ জিলাধিকাৰীক এই দায়িত্ব অৰ্পণ কৰা হয়৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ৪০ শতাংশ বিশেষ পেকেজ আগবঢ়াব বুলিও জনায়৷

দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা কভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছে আয়ুষ্মান ভাৰত যোজনাৰ সীমাবদ্ধতা৷ অৰ্থাৎ এইবাৰ কৰ’নাৰ বিনামূলীয়া চিকিৎসাকো এই আঁচনিক অন্তভুৰ্ক্ত কৰা হয়৷ ৰাজ্যৰ একেবাৰে পিছপৰা অঞ্চলৰ জনসাধাৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে ২৫০খনৰো অধিক চিকিৎসালয়ৰ সৈতে তিনি মাহৰ বাবে চুক্তিবদ্ধ হয়, যাৰ দ্বাৰা যিকোনো হাস্পতালত কৰ’নাৰ চিকিৎসা কৰাবৰ বাবে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব আৰু হাস্পতাল কতৃৰ্পক্ষই এই ক্ষেত্ৰত কোনোধৰণৰ বাধা আৰোপ কৰিব নোৱাৰিব৷ প্ৰতিখন জিলাৰ জিলাধিকাৰীক এই দায়িত্ব অৰ্পণ কৰা হয়৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ৪০ শতাংশ বিশেষ পেকেজ আগবঢ়াব বুলিও জনায়৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে অতি সোনকালে হাস্পতালসমূহৰ সৈতে চুক্তি কৰিবলৈ জিলাধিকাৰীসকলক কয়, যাতে দুখীয়া লোকৰ কভিডৰ চিকিৎসাত কোনোধৰণৰ বাধা আহি নপৰে লগতে জনায় যে পৰিয়ালৰ যিকোনো এজন সদস্যৰ আয়ুষ্মান কাৰ্ড থাকিলেও বাকী পৰিয়ালৰ সদস্যসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ’ব৷ হাস্পতালত ভৰ্তি হোৱাৰ লগে লগে বাকী সদস্যসকলৰ বাবে আয়ুষ্মান কাৰ্ড বনোৱাৰ দায়িত্ব প্ৰশাসনে গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে হাস্পতালত কভিডৰ চিকিৎসা বিনামূলীয়া হোৱাৰ লগতে চিটি স্কেনৰ চিকিৎসাও শুল্কবিহীন কৰা হ’ব৷ ইয়াৰ বাহিৰেও ৰেমডিছিভিৰ ইনজেক্‌শ্যন আৰু অক্সিজেনো বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here