আশ্চৰ্যকৰ : বিশ্বব্ৰহ্মাণ্ডৰ দুটা গ্ৰহত হীৰাৰ বৰষুণ

0
559


পৃথিৱীলৈ হীৰা ক’ৰ পৰা আহিল, সেই বিষয়ে কোনেও সঠিকভাৱে ক’ব নোৱাৰে৷ বিজ্ঞানীসকলৰ মত অনুসৰি পৃথিৱীলৈ হীৰা আহে উল্কাপাতৰ জৰিয়তে৷ আন একাংশ বিজ্ঞানীৰ মতে, পৃথিৱীত হীৰাৰ নিজে নিজে সৃষ্টি হৈছিল৷ কিন্তু এই বিশ্বব্ৰহ্মাণ্ডত কেৱল পৃথিৱীয়েই নহয় আন বহুতো গ্ৰহ আছে৷ এই গ্ৰহবোৰত হীৰা থকাৰ তথ্য লাভ কৰা হৈছে৷ আনহে নালাগে আমাৰ সৌৰজগতৰ গ্ৰহতো হীৰা আছে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷ হীৰা থকা তেনে দুটা গ্ৰহ হ’ল নেপচুন আৰু ইউৰেনাছ৷ নেপচুন আকাৰত পৃথিৱীতকৈ প্ৰায় ১৫ গুণ আৰু ইউৰেনাছ প্ৰায় ১৭ গুণ ডাঙৰ৷ এই গ্ৰহ দুটাত হীৰাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে৷ এই তথ্যই সকলোকে আচৰিতো কৰিছে৷ গ্ৰহ দুটাত হীৰাৰ বৰষুণ হোৱাৰ কাৰণ হ’ল ইয়াৰ বায়ুমণ্ডলত বৃহৎ পৰিমাণৰ হীৰাৰ সৃষ্টি হয়৷ দুয়োটা গ্ৰহতে অধিক মাত্ৰাত মিথেইন গেছ আছে৷ মিথেইন গেছত হাইড্ৰজেন আৰু কাৰ্বন থাকে৷ যেতিয়া গ্ৰহ দুটাত থকা মিথেইন গেছত চাপৰ সন্মুখীন হয়, তেতিয়া ইয়াৰ বন্ধনী ভাগি যায়৷ ফলত কাৰ্বন হীৰালৈ পৰিৱৰ্তিত হয়৷ ইয়াৰ পাছত তাত হীৰাৰ বৰষুণ হ’বলৈ ধৰে৷ উল্লেখ্য যে নেপচুন আৰু ইউৰেনাছত জীৱ থকাৰ কোনো সম্ভাৱনা নাই৷ কিয়নো তাত ইয়াৰ বাবে উপযুক্ত পৰিৱেশৰ অভাৱ৷ ইউৰেনাছ আৰু নেপচুনত তাপমাত্ৰা শূন্যতকৈ ২০০ ডিগ্ৰী চেলছিয়াছ তলত৷ এই গ্ৰহ দুটাত মিথেইন গেছ বৰফৰ ৰূপত জমা হৈ আছে৷ বতাহ বলিলে এইবিলাক ডাৱৰৰ ৰূপত উৰিবলৈ ধৰে৷ গ্ৰহ দুটাৰ পৃষ্ঠভাগ সম্পূৰ্ণৰূপে সমতল হোৱাৰ ফলত বতাহ আতিশাব্দিক বেগত বলে আৰু ইয়াৰ গতি হ’ল প্ৰতিঘণ্টাত ১৫০০ মাইল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here