আশ্চৰ্যকৰ! এগৰাকী প্ৰসূতিয়ে জন্ম দিলে চাৰিটা সন্তান

0
1746

এক বিৰল ঘটনাৰ সাক্ষী হৈ ৰ’ল কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াত অৱস্থিত স্বস্তি হাস্পাতালখন৷ চিকিৎসালয়খনত যোৱা ২৯ এপ্ৰিলত এগৰাকী প্ৰসূতি মহিলাই একেলগে চাৰিটা সন্তান জন্ম দিয়ে৷ সন্তানকেইটাৰ ভিতৰত দুটা পুত্ৰ সন্তান আৰু দুজনী কন্যা সন্তান৷ জানিব পৰা মতে, যোৱা ২৯ এপ্ৰিলত ধুবুৰীৰ নিতেশ সৰকাৰ¸ নামৰ লোকজনৰ পত্নী সুবৰ্ণা ঘোষ নামৰ প্ৰসূতি মহিলাগৰাকী হাস্পাতালখনত ভৰ্তি হয়৷ হাস্পাতালখনৰ জ্যেষ্ঠ প্ৰসূতি চিকিৎসক ডাঃ হিতেন কলিতাৰ তত্ত্বাৱধানত এবছৰৰ আগৰেপৰা মহিলাগৰাকীয়ে চিকিৎসা গ্ৰহণ কৰিছিল আৰু তেখেতৰ অধীনতে হোৱা অস্ত্ৰোপচাৰ দ্বাৰা মহিলাগৰাকীয়ে চাৰিটা সন্তান জন্ম দিয়ে৷ বৰ্তমানলৈ চাৰিওটা সন্তানসহ মাতৃগৰাকী কুশলে আৰু সুস্থ অৱস্থাত আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷ স্বাভাৱিকতে এনে এটা জটিল অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱাত চিকিৎসালয়খনৰ প্ৰবন্ধক কৰেন্দ্ৰ কলিতাসহ চিকিৎসালয়ৰ অন্যান্য চিকিৎসক, কৰ্মীসকলে আনন্দ প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here