আশাৰ খবৰ :কৰ’নাৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস

0
1828
ৰাজ্যবাসীৰ বাবে আশাৰ খবৰ এয়ে যে কাল কৰ’নাৰ সংক্ৰমণ ৰাজ্যখনত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে৷ চলিত মাহৰ প্ৰথম ভাগত ৰাজ্যখনত কৰ’নাৰ সংক্ৰমণৰ হাৰ দহ শতাংশ আছিল যদিও যোৱা ২৭ মে’ত এই সংক্ৰমণ হাৰ ৪.৭৮ শতাংশলৈ হ্ৰাস পাইছে৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে সংক্ৰমণৰ ক্ষেত্ৰত ৰাজ্যৰ পৰিস্থিতি পূৰ্বতকৈ বহু পৰিমাণে উন্নত হৈছে৷ ইফালে চহৰ অঞ্চলৰ তুলনাত ৰাজ্যৰ গ্ৰামাঞ্চলত শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বিশেষকৈ, চাহ বাগিচা অঞ্চলসমূহত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ ইতিমধ্যে চাহ বাগিচাৰ লোকসকলৰ বাবে চৰকাৰে সুকীয়াকৈ কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও ইয়াৰ পাছতো বাগানসমূহত সংক্ৰমণ হ্ৰাস পোৱা নাই৷ আনহাতে ৰাজ্যখনত কৰ’নাৰ সংক্ৰমণৰ হাৰ হ্ৰাস পালেও এতিয়াও অব্যাহত আছে মৃত্যুৰ বিভীষিকা৷ প্ৰতিদিনেই ৰাজ্যখনত এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ যোৱা এটা সপ্তাহতে ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে মুঠ ৫৮১ জন লোকৰ৷ অৰ্থাৎ দৈনিক গড়ে প্ৰাণ হেৰুৱাইছে ৮৩জন লোকে৷ ৰাজ্যখনৰ ভিতৰতে সকলোতকৈ অধিক লোক আক্ৰান্ত আৰু মৃত্যু হৈছে কামৰূপ মহানগৰ জিলাত৷ জিলাখনত যোৱা এটা সপ্তাহত মৃত্যু হৈছে ১২৮জন লোকৰ৷ এই তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনত সম্প্ৰতি কৰ’নাত কিদৰে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে কৰ’নাত আক্ৰান্ত পঞ্চাশ বছৰৰ ঊধ্বৰ্ৰ লোকসকলৰ ভিতৰত যিসকলৰ ঘৰত সকলোধৰণৰ সা-সুবিধা নাই, তেওঁলোকক হ’ম আইছ’লেশ্যনত থকাটো বন্ধ কৰিছে৷ স্বাস্থ্য বিভাগৰ মতে, যিসকল লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে, তেওঁলোকৰ ভিতৰত অধিক লোকেই পূৰ্বৰে পৰাই আন ৰোগত আক্ৰান্ত হৈ আছিল৷ আনহাতে যোৱা ২৯ মে’ৰ পুৱা ৯-০৫ বজাত তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৱে কৰ’নাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ ইফালে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৫৪৩৬জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ মৃত্যু হৈছে ৮০জন লোকৰ৷ সৰ্বাধিক আক্ৰান্ত কামৰূপ মহানগৰ জিলাত যোৱা ২৪ ঘণ্টাত এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৫৯৫জন লোক৷ যোৱা ২৪ ঘণ্টাত  ৰাজ্যত সংক্ৰমণৰ হাৰ হৈছে ৪.৪২ শতাংশ৷ আনহাতে আৰোগ্যৰ হাৰ হৈছে ৮৫.৪৭ শতাংশ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here