আশাৰ কিৰণ: কৰ’না সংক্ৰমণৰ হাৰ হ্ৰাস

0
851


ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ হাৰে চিন্তিত কৰি তুলিছে সকলোকে৷ আনহাতে সৰ্বাধিক সংক্ৰমণ হোৱা কামৰূপ মহানগৰ জিলাত সংক্ৰমণ লাহে লাহে নিয়ন্ত্ৰণলৈ আহিবলৈ আৰম্ভ কৰিছে যদিও ইমানদিনে সুৰক্ষিত হৈ থকা ৰাজ্যৰ গ্ৰামাঞ্চললৈ ক্ৰমাৎ কৰ’নাৰ সংক্ৰমণ প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰিছে৷ আনহাতে ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হ’ম কোৱাৰেণ্টাইন প্ৰক্ৰিয়া বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ লক্ষণীয়ভাৱে ৰাজ্যত কৰ’নাৰ কালৰূপ প্ৰতিৰোধ কৰাৰ বাবে যোৱা ২৫ মে’ত ৰাজ্য চৰকাৰে নতুন এছ অ’ পি জাৰি কৰিবলগীয়া হয়৷ যোৱা তিনি দিন ধৰি ৰাজ্যত সংক্ৰমণৰ হাৰ ৫ শতাংশৰ ঘৰত সীমাবদ্ধ হৈ আছে৷ কিন্তু সংক্ৰমণৰ হাৰ হ্ৰাস পালেও ৰাজ্যত সংখ্যাগতভাৱে আক্ৰান্তৰ সংখ্যা এতিয়াও ছহেজাৰৰ ঘৰৰ আশে-পাশেই আছে৷ এই কথাই চৰকাৰৰ লগত জনসাধাৰণকো কিছু ভবাই তুলিছে৷ ইয়াৰ উপৰি ৰাজ্যত মৃত্যুৰ সংখ্যাও যথেষ্ট বেছি হৈ আছে৷ তথ্য অনুসৰি, কামৰূপ মহানগৰ জিলাত পূৰ্বৰ দৈনিক সংক্ৰমণ ১৬০০জনৰ পৰা সম্প্ৰতি প্ৰায় ৭০০জনলৈ হ্ৰাস পাইছে৷ যোৱা ২৪ ঘণ্টাত জিলাখনত ৬২৪জন লোক আক্ৰান্ত হয়৷ আনহাতে ৰাজ্য চৰকাৰে হ’ম কোৱাৰেণ্টাইন প্ৰক্ৰিয়া লাহে লাহে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে আৰু কভিড ৰোগীক ঘৰত নাথাকি চিকিৎসালয়লৈ যোৱাৰ বাবে আহবান জনায়৷ হ’ম কোৱাৰেণ্টাইনত থকা লোকৰ বাবেহে ৰাজ্যত মৃত্যুৰ হাৰ এতিয়াও অধিক হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ৰাজ্যত এতিয়াও কভিডত আক্ৰান্ত ৫৩,৫৪১জন লোক চিকিৎসাধীন হৈ আছে৷ যোৱা ২৪ মে’ত ৰাজ্যত সংক্ৰমণৰ হাৰ ৫.১৬ শতাংশলৈ হ্ৰাস পায়৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৯২জন লোক কৰ’নাত মৃত্যুমুখত পৰাৰ লগতে ৫৭৬৭জন লোক নতুনকৈ আক্ৰান্ত হয়৷ আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত সংক্ৰমণৰ হাৰ ৫.৪ শতাংশ হয়৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যত ভেক্‌চিন প্ৰদান প্ৰক্ৰিয়া বৃদ্ধি কৰিও সংক্ৰমণ ৰোধ কৰাৰ পদক্ষেপ অব্যাহত ৰাখিছে৷ ৰাজ্যত এইপৰ্যন্ত মুঠ ৩৮,২৯,৬২১ ড’জ ভেক্‌চিন প্ৰদান কৰা হৈছে৷ ইয়াৰে ৩০,৩৩,৪১৩ ড’জ প্ৰথম পালি আৰু ৭,৯৬,২০৮ ড’জ দ্বিতীয় পালি৷ ইয়াৰ উপৰি অসমত এতিয়াও ৪৫ ঊধ্বৰ্ৰ ব্যক্তিৰ বাবে ২,৫০,৮৮০ ড’জ আৰু ১৮–৪৪ বছৰ বয়সৰ লোকৰ বাবে ১,২২,১০০ ড’জ ভেক্‌চিন মজুত থকাৰ কথা চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here