আলমণ্ড খালে কিধৰণৰ উপকাৰ হয়?

0
1738

আমাৰ খাদ্য তালিকাত বিভিন্ন ধৰণৰ বাদাম ৰখাটো ভাল৷ এইধৰণৰ বাদামবোৰৰ মাজত শৰীৰৰ বাবে আলমণ্ড অন্যতম উপকাৰী৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-ই থাকে, যিয়ে ছাল বা চুলি ভালে ৰখাত সহায় কৰে৷ তদুপৰি ইয়াৰ অন্যান্য পুষ্টিগুণে শৰীৰ ভালে ৰখাত অৰিহণা যোগায়৷ বজাৰত বিভিন্ন আকাৰ আৰু আয়তনৰ আলমণ্ড পোৱা যায়৷ আলমণ্ডে শীতত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ আলমণ্ডত ১৬১ গ্ৰাম কেলৰি, ৩.৫ গ্ৰাম ফাইবাৰ, ৬১৪ গ্ৰাম প্ৰ’টিন, ২.৫ গ্ৰাম কাৰ্বহাইড্ৰেট, আৰু ১৪ গ্ৰাম ফেট থাকে৷ আলমণ্ডে শৰীৰৰ কি ধৰণৰ উপকাৰ সাধন কৰে জানো আহক–

(১) আলমণ্ডে তেজত কলেষ্টৰেলৰ মাত্ৰা কমাই ৰাখে লগতে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ ইয়াত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন-চি আৰু মেগনেচিয়াম আৰু পটেচিয়ামে তেজৰ সঞ্চালন ঠিকে ৰাখে৷
(২) আলমণ্ড হাড়ৰ বাবে উপকাৰী৷ ইয়াত থকা কেলচিয়ামে হাড় মজবুত কৰাত সহায় কৰে৷
(৩) আলমণ্ডত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ইনফেক্‌শ্যন দূৰ কৰে৷ কেঞ্চাৰৰ সম্ভাৱনা কমায়৷ ইয়াৰ উপৰি শৰীৰত নতুন কোষ গঠনত সহায় কৰে৷
(৪) ডায়েবেটিছ ৰোগীৰ কাৰণে আলমণ্ড উপযুক্ত ফল৷ আলমণ্ডত কাৰ্বহাইড্ৰেট কম থাকে আৰু ফাইবাৰ বেছি থাকে বাবে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে৷
(৫) আলমণ্ডত মেগনেচিয়াম থাকে বাবে মানসিক অৱসাদ দূৰ কৰে৷
(৬) আলমণ্ডে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here