আলঝেইমাৰ ৰোগীৰ সেৱাৰ বাবে ARDSI-ৰ ম’বাইল এপ মুকলি স্বাস্থ্য মন্ত্ৰীৰ (Health Minister launches ARDSI’s mobile app for Alzheimer’s patients )

0
561
আলঝেইমাৰত আক্ৰান্ত ৰাজ্যৰ বয়োজ্যেষ্ঠ লোকসকলৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰা ‘সম্পৰ্ক এল্ডাৰকেয়াৰ’ নামৰ ম’বাইল এপ এটা আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ ডিমেনছিয়া তথা আলঝেইমাৰত আক্ৰান্ত সমাজৰ বৃদ্ধ লোকসকলৰ সেৱাত নিয়োজিত হৈ থকা ‘Alzheimer's and Related Disorders Society of India’ (ARDSI) নামৰ এন জি অ’ এটাৰ গুৱাহাটীস্থিত গোটে প্ৰস্তুত কৰি উলিওৱা বিশেষ ম’বাইল এপটো যোৱা ১৯ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী মহন্তই মুকলি কৰে৷ স্বাস্থ্য মন্ত্ৰী মহন্তই ARDSI-ৰ উদ্যোগত মুকলি কৰা ম’বাইল এপটো ৰাজ্যখনৰ সকলো প্ৰান্তৰ আলঝেইমাৰ ৰোগী আৰু তেখেতসকলৰ পৰিয়ালৰ বাবে বিশেষ উপযোগী হ’ব বুলি আশা প্ৰকাশ কৰে৷ উল্লেখ্য যে এই ৰোগত আক্ৰান্ত হৈ স্মৃতিশক্তি অতি দুৰ্বল হৈ পৰা সমাজৰ বৃদ্ধ-অসহায় লোকসকল আৰু তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ বাবে ৰাজ্যত আলঝেইমাৰত আক্ৰান্ত বয়োজ্যেষ্ঠ লোকসকলৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসা উপলব্ধ কৰাৰ বাবে স্বাস্থ্য বিভাগেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্বাস্থ্য মন্ত্ৰীজনে সদৰী কৰে৷ এই প্ৰসংগতে স্বাস্থ্য মন্ত্ৰী মহন্তই ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়কে ডিজিটেল ব্যৱস্থাৰে সংযুক্ত কৰি, ৰোগীসকলৰ চিকিৎসা বিষয়ক তথ্যৰাজি ভৱিষ্যতে আন কোনো এখন চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ উপলব্ধ হোৱাকৈ মজুত কৰি ৰখাৰ বাবেও স্বাস্থ্য বিভাগে চিন্তা কৰা বুলি সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here