বৰ্তমান সময়ত ডায়েবেটিছ ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ এই ৰোগত বিশ্বজুৰি হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈ আছে৷ ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে৷ এনে পৰিস্থিতি যদি আপুনি ডায়েবেটিছ ৰোগী হয়, তেন্তে আপুনি খাদ্যত ডায়েট কৰাটো অতিকে দৰকাৰ, যিয়ে আপোনাৰ তেজৰ শৰ্কৰাৰ পৰিমাণত খুব বেছি প্ৰভাৱিত নকৰে৷ আম গছৰ পাত তেজৰ শৰ্কৰা বা ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে অতি কাৰ্যকৰী৷ আম গছৰ পাতৰ এনে বহুত গুণ আছে, যাৰ সহায়ত আপোনাৰ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব৷

আমৰ পাতৰ গুণাগুণৰ বিষয়ে উল্লেখ কৰা হ’ল–
(১) স্বাস্থ্য বিশেষজ্ঞৰ মতে আমৰ পাতৰ ৰসত মেংগাফেৰিন এনজাইম আলফা গ্লুকোছিডেছক বাধা দিয়াৰ ক্ষমতা আছে৷
(২) আমৰ পাতে অন্ত্ৰৰ কাৰ্বহাইড্ৰেট বিপাক হ্ৰাস কৰাত সহায় কৰে৷ ফলত তেজৰ শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে৷
(৩) আমৰ পাতত ইনছুলিন উৎপাদন নাইবা গ্লু’কজ বিতৰণ কৰাৰ ক্ষমতা আছে৷ ইয়ে তেজৰ শৰ্কৰাৰ মাত্ৰা স্থিতিশীল কৰি ৰখাত সহায় কৰে৷
(৪) আমৰ পাতত পাকটিন, ভিটামিন-চি আৰু ফাইবাৰ যথেষ্ট পৰিমাণে থাকে বাবে কলেষ্টৰেল বা ডায়েবেটিছ উভয়ৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী৷
আমৰ পাত আমি কেনেদৰে খাব লাগে– ইয়াৰ বাবে ১০-১৫টা পাত ছিঙি আনি ভালদৰে ধুই পৰিষ্কাৰকৈ ল’ব লাগে৷ তাৰ পাছত পাতবোৰ ভালদৰে এটা পাত্ৰত সিদ্ধ কৰি ঠাণ্ডা হ’বলৈ দি বিশুদ্ধ পানীৰে মিহলাই ৰসখিনি এটা পাত্ৰত থৈ দিব লাগে৷ ৰাতিপুৱা শুই উঠি খালী পেটত তাৰ ৰস খাব লাগে৷ এনেদৰে মাহত প্ৰতিদিনে খালে শৰীৰত শৰ্কৰাৰ মাত্ৰা হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে৷ আপুনি যদি ডায়েবেটিছ ৰোগী, তেনেহ’লে আপুনি ডায়েটৰ প্ৰতিও যত্ন লোৱা দৰকাৰ৷ কাৰ্বহাইড্ৰেট থকা খাদ্য কমাই খাব লাগে৷ নিয়মিত ব্লাড ছুগাৰৰ পৰীক্ষা কৰিব লাগে৷ প্ৰতিদিনে ব্যায়াম কৰিলেও ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here