আমেৰিকা, ব্ৰিটেইনত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

0
1168

বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সংক্ৰমণ হোৱা আমেৰিকাৰ লগতে ব্ৰিটেইন আৰু ইজৰাইলে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত বৃহৎ সফলতা লাভ কৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল দেশ তিনিখনে অধিক সতৰ্ক তথা সজাগ হৈ পৰা আৰু দ্ৰুত গতিত টিকাকৰণ অভিযান চলোৱাটো৷ ইয়াৰ বিপৰীতে ফ্ৰান্স, ইটালি, জাৰ্মানি আৰু স্পেইনৰ দৰে দেশত সোনকালে নিষেধাজ্ঞা শিথিল কৰাৰ ফলত কৰ’নাৰ সংক্ৰমণৰ তৃতীয় পৰ্যায়ৰ ঢৌ প্ৰতিৰোধ কৰাৰ সংযোগ হেৰুৱালে৷ ইয়াৰ ফলত ইউৰোপৰ অধিকাংশ দেশতে এতিয়া পুনৰ লকডাউন বলৱৎ কৰা হৈছে৷ উল্লেখ্য যে জানুৱাৰীৰ প্ৰাৰম্ভতে আমেৰিকাত প্ৰতিদিনে ২.৪৫ লাখ আৰু ব্ৰিটেইনত প্ৰতিদিনে ৫৮ হাজাৰ লোকৰ কৰ’নাত সংক্ৰমণ হৈছিল৷ এতিয়া  আমেৰিকাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা পাঁচগুণ হ্ৰাস পাইছে৷ উল্লেখ্য যে ব্ৰিটেইনত ১৩ ডিচেম্বৰত আৰু আমেৰিকাত ২০ ডিচেম্বৰত কৰ’নাৰ টিকাকৰণ আৰম্ভ কৰা হৈছিল৷ ইফালে ইজৰাইলৰ মুঠ জনসংখ্যাৰ ৫৭ শতাংশৰ টিকাকৰণ সম্পূৰ্ণ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here