আমেৰিকাত গৰমৰ ১১১ বছৰৰ অভিলেখ ভংগ

0
1049
Hot Weather Safety Essential for Elderly | Life Line Screening
আমেৰিকাত এইবাৰ শীতে ১২২ বছৰৰ অভিলেখ ভংগ কৰাৰ পাছত এতিয়া গৰমেও নতুন অভিলেখ গঢ়িলে৷ দেশখনত ৫৫ দিনীয়া হিমপাতৰ পাছত গৰমে ১১১ বছৰৰ অভিলেখ ভংগ কৰে৷ ২ এপ্ৰিলত দেশখনৰ তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পায়৷ দেশখনৰ বতৰ বিজ্ঞান বিভাগৰ মতে, স্বাভাৱিক অৱস্থাত মাৰ্চ-এপ্ৰিলত আমেৰিকাৰ তাপমাত্ৰা ২২-২৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে৷ যোৱা বছৰৰ তুলনাত তাপমাত্ৰা ৭-৮ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে৷ ছেন ডিয়াগোত থকা ৰাষ্ট্ৰীয় বতৰ সেৱাৰ বিজ্ঞানী মাৰ্ক মিডেই জনোৱা মতে, এই বছৰ অভিলেখ পৰিমাণৰ হিমপাত হয়৷ কিন্তু হঠাতে শীতকালৰ অন্ত পৰে আৰু ইয়াৰ ফলত আমেৰিকা তথা ইউৰোপত গ্ৰীষ্ম প্ৰৱাহ আৰম্ভ হয়৷ তেওঁৰ মতে, সেই কাৰণে এইবাৰ বসন্ত ঋতু নহাকৈ গ্ৰীষ্মকালৰ আগমন ঘটিছে৷ ছেন ডিয়েগোত কালি সৰ্বোচ্ছ তাপমাত্ৰা আছিল ৩২.৭ ডিগ্ৰী চেলচিয়াছ৷ ইয়াৰ আগতে ১৯১০ চনত ইয়াৰ তাপমাত্ৰা আছিল ৩১ ডিগ্ৰী চেলচিয়াছ৷ উল্লেখ্য যে ইউৰোপো গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰিছে৷ ইউৰোপৰ ফ্ৰান্সত ২৬ ডিগ্ৰী, নেদাৰলেণ্ডত ২৭.২ ডিগ্ৰী, জাৰ্মানিত ২৬ ডিগ্ৰী আৰু ব্ৰিটেইনত সৰ্বোচ্ছ তাপমাত্ৰা ২৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে৷ সাধাৰণতে এই দেশবোৰত মাৰ্চত সৰ্বোচ্ছ তাপমাত্ৰা ১৮ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here