আমি বাওঁহাতে শোৱা কিয় উচিত?

0
876

আমি সকলোৱে দিনটোৰ পৰিশ্ৰমৰ অন্তত ভাগৰে-জোগৰে আহি শৰীৰটোক জিৰণি দিবলৈ টোপনি মাৰোঁ৷ টোপনি হৈছে মানুহৰ এনে অৱস্থা, য’ত শৰীৰৰ বিভিন্ন অংগসমূহৰ লগতে মগজুটোৱেও জিৰণি লয়৷ কিন্তু শোৱাৰ সময়ত আমি কোনটো ফালে শোৱা উচিত, আমি বহুতেই নাজানো৷ বিশেষজ্ঞৰ মতে আমি বাওঁহাতে শোৱা উচিত, যিয়ে আমাৰ শৰীৰৰ বিভিন্ন সমস্যা সমাধানত অৰিহণা যোগায়৷

কিন্তু আমি বাওঁহাতে কিয় শুব লাগে, আপুনি কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে?

(১) শুই থকাৰ সময়ত নাক বজাৰ সমস্যাটো বহুতৰেই আছে৷ বিশেষকৈ আপুনি যেতিয়া পোন হৈ শোৱে, আপোনাৰ নাকৰ শব্দ বেছি হয়৷ কাৰণ আপুনি যেতিয়া পোন হৈ শুৱে, আপোনাৰ জিভা, হনু আদি অংগসমূহ ৰিলেক্স হৈ থাকে৷ যাৰ ফলত আপোনাৰ নাকেৰে শব্দ হয়৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বাওঁহাতে শোৱা উচিত৷


(২) শোৱাৰ সময়ত অত্যধিক আহাৰ গ্ৰহণে বদহজম, এচিডিটি আদি সমস্যাৰ সৃষ্টি কৰে৷ বিশেষজ্ঞৰ মতে বাওঁহাতে শুলে খাদ্যবস্তু সহজে হজম হয়৷


(৩) বাওঁহাতে শুলে আমাৰ শৰীৰত তেজৰ সৰবৰাহ কৰাত হৃদপিণ্ডটোৱে কম কষ্ট কৰিব লগা হয়৷


(৪) গৰ্ভৱতী মহিলাসকলক প্ৰায়ে বাওঁহাতে শুবলৈ পৰামৰ্শ দিয়া হয়৷ কাৰণ যদি সোঁহাতে শোৱে, তেন্তে মহিলাগৰাকীৰ জৰায়ুৱে যকৃতৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here