আপোনাৰ স্মৃতিশক্তি কমিছে নেকি?

0
1994
স্মৃতিশক্তিবৰ্ধক ব্ৰাহ্মী শাক আমাৰ সকলোৰে পৰিচিত৷ বৰ্তমান সময়ত প্ৰায়ভাগ সচেতন অভিভাৱকে সৰু ল’ৰা-ছোৱালীক স্মৃতিবৰ্ধক হিচাপে ব্ৰাহ্মী শাক খুওৱা দেখা যায়৷ এইবিধ শাক অকল স্মৃতিবৰ্ধকে নহয়, ই আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী৷ ইয়াৰ বৈজ্ঞানিক নাম বাকোপা মনিয়েৰী (Bacopa monnieri)৷ এই শাকবিধ সামান্য জেকা ঠাইত হয়৷ ভাৰত, নেপাল, শ্ৰীলংকা, চীন, পাকিস্তান, দক্ষিণ আমেৰিকাৰ কিছু সেমেকা অঞ্চলত ইয়াক পোৱা যায়৷ ইয়াৰ পাতবোৰ সৰু সৰু, ফুলবোৰ বগা আৰু ঈষৎ নীলা বৰণীয়া৷ এইবিধ শাক খাবলৈ অলপ তিতা হয় কাৰণে কিছুৱে খাবলৈ ভাল নাপায়৷ ই যি ঠাইতে হয় তাত অতিশীঘ্ৰে বিস্তৃতি লাভ কৰি ঠাল-ঠেঙুলি মেলে৷ 
  • সৰু ল’ৰা-ছোৱালীৰ কাহ হৈ বুকুত বিষ হ’লে ব্ৰাহ্মী শাকৰ ৰস মালিচ কৰিলে লগে লগে সুফল পোৱা যায়৷
  • ব্ৰাহ্মী শাক বসন্ত ৰোগৰ বাবে উপকাৰী৷ ব্ৰাহ্মী শাকৰ ৰস এঁৱা গাখীৰৰ লগত খালে স্মৃতিশক্তি বৃদ্ধি হয়৷
  • মানসিক চিন্তা, শাৰীৰিক শক্তি বৃদ্ধিত ই অন্যতম মহৌষধ৷ মৌৰ ৰস, গাখীৰ আদিৰ সৈতে ব্ৰাহ্মী শাকৰ পাত, ঠাৰি আৰু শিপাৰ ৰস সেৱনে সুস্বাস্থ্য অটুট ৰখাৰ উপৰি স্বাস্থ্যবৰ্ধক টনিকৰূপে সুফল প্ৰদান কৰে৷
  • ব্ৰাহ্মী শাকে তেজ পৰিষ্কাৰ কৰে আৰু তেজৰ অতিৰিক্ত শৰ্কৰা নাশ কৰে৷
Green Brahmi Herb, Rs 60 /kg Capital Traders | ID: 21982896862
  • কেতিয়াবা পেচাব জ্বলা-পোৰা কৰা বা প্ৰস্ৰাব বন্ধ হ’লে ব্ৰাহ্মী শাকৰ ৰস খালে সুফল পোৱা যায়৷ ব্ৰাহ্মী শাকে বহুমূত্ৰ ৰোগ, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ স্নায়ু দুৰ্বলতা, ধাতু দুৰ্বল হোৱা আদি লোকে নিয়মিত ব্ৰাহ্মী শাক খালে শক্তি লাভ কৰে৷
  • বুকুত কফ জমা হ’লে ইয়াৰ কেঁচা শিপা আৰু ঠাৰিৰ ৰসৰ লগত দুইটোপালমান মৌ মিশ্ৰণ কৰি সেৱন কৰিলে উপকাৰ পোৱা যায়৷
  • মাত ভাঙিলে ব্ৰাহ্মী শাকৰ ৰস খালে আৰোগ্য হয়৷ সেয়েহে আহক, সৰুকালিতে আমি ল’ৰা-ছোৱালীক স্মৃতিশক্তি বৃদ্ধিৰ কাৰণে ব্ৰাহ্মী শাক খোৱাৰ অভ্যাস গঢ়ি তোলোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here