আপোনাৰ সঘনাই পিয়াহ লাগে নেকি?

0
1821

প্ৰয়োজনতকৈ অধিক একো বস্তুৱে শৰীৰৰ কাৰণে ভাল নহয়৷ লাগিলে সেয়া পানীয়েই নহওক৷ পানীয়েই জীৱনৰ প্ৰাণ৷ শৰীৰৰ ভিতৰৰ অংগসমূহে পানীৰ প্ৰয়োজনৰ বাৰ্তা পিয়াহৰ জৰিয়তে প্ৰেৰণ কৰে৷ বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে এগৰাকী ব্যক্তিৰ সুস্বাস্থ্যৰ বাবে দৈনিক ২-৩ লিটাৰ পানীয়েই যথেষ্ট৷ কেতিয়াবা বিশেষ পৰিস্থিতিত যেনে– অধিক পৰিশ্ৰম কৰাৰ ফলত বা গৰমৰ বাবেও ইয়াৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে৷ কিন্তু সঘনাই পানীৰ পিয়াহ লাগি থকাটো দুৰাৰোগ্য বেমাৰৰো কাৰণ হ’ব পাৰে৷ অত্যধিক পিয়াহ লগা অৱস্থাটোক চিকিৎসা বিজ্ঞানৰ ভাষাত পলিডিপছিয়া বুলি কোৱা হয়৷ এই অৱস্থাত মানুহে প্ৰয়োজনতকৈ অধিক পানী সেৱন কৰে, যাৰ ফলত শৰীৰত ছডিয়ামৰ পৰিমাণ কমি যায়৷ সঘনাই পিয়াহ লগাৰ কাৰণ কি জানো আহক–

(১) ডায়েবেটিছ হ’লে তেজত ছুগাৰৰ পৰিমাণ বৃদ্ধি পায়৷ এই ছুগাৰ প্ৰস্ৰাৱৰ জৰিয়তে দেহৰ পৰা বাহিৰ হৈ থাকে৷ যাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যায়৷ ইয়ে বাৰে বাৰে পিয়াহ লগাৰ মুখ্য কাৰণ হ’ব পাৰে৷
(২) ডিহাইড্ৰেশ্যন, অৰ্থাৎ শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলতো বাৰে বাৰে পিয়াহ লাগিব পাৰে৷ ফুড পয়জনিং, ডায়েৰিয়া, জ্বৰ, ইনফেকশ্যন আদিয়েই ডিহাইড্ৰেশ্যনৰ প্ৰধান কাৰণ৷
(৩) মানসিক চাপ, দুঃচিন্তা আদি হ’লে হৃদস্পন্দনৰ গতি বৃদ্ধি হোৱাৰ লগতে চিন্তা, ভয় আদিয়ে হেঁচা মাৰি ধৰে৷ এনে পৰিস্থিতিত মুখৰ ভিতৰভাগ শুকাই থাকে আৰু কিছুমান এনজাইমে লালতিৰ মাত্ৰা কমাই দিয়ে৷ যাৰ কাৰণে সঘনাই পানীৰ পিয়াহ লাগি থাকে৷
(৪) বহু ক্ষেত্ৰত অধিক তেল-মছলাযুক্ত খাদ্য গ্ৰহণ কৰিলে সোনকালে হজম নহয়৷ তেতিয়া হজম হ’বৰ বাৰে শৰীৰক অধিক পানীৰ প্ৰয়োজন হয়৷ ইয়াৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমিব ধৰে আৰু অত্যধিক পিয়াহ লাগে৷
(৫) শৰীৰৰ পৰা অধিক ঘাম বাহিৰ হ’লেও পানীৰ পৰিমাণ কমি যায়৷ তেনে পৰিস্থিতিত আমাৰ সঘনাই পিয়াহ লাগে৷

এনেকুৱা সমস্যাৰ সন্মুখীন হ’লে কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে-

(১) আমলখিৰ গুৰি আৰু মৌ মিশ্ৰণ কৰি খাব লাগে৷
(২) চফ পানীত তিয়াই থৈ তাক পিচি খালেও আৰাম পোৱা যায় ৷
(৩) জালুকৰ গুৰি পানীত উতলাই ঠাণ্ডা কৰি খালেও সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here