আপোনাৰ শৰীৰক পানীৰ প্ৰয়োজন কিমান?

0
1431

পানীয়েই হৈছে জীৱৰ প্ৰাণ৷ আমি খাদ্য নোখোৱাকৈ থাকিব পাৰিলেও পানী নোখোৱাকৈ এটা দিনো থাকিব নোৱাৰোঁ৷ এই সত্য কথাটো আমি প্ৰায়েই ভুল কৰোঁ, বিশেষকৈ শীতকালত৷ শীতকালত যিহেতু আমাৰ শৰীৰৰ পৰা ঘাম কম ওলায়, সেইবাবে পানী খোৱাটো ক্ৰমশঃ কমি যায়৷ পানী খোৱাৰ প্ৰবল অনীহা, কামৰ তাগিদাত আমাৰ প্ৰয়োজনীয় বস্তুবিধৰ কথা পাহৰি থকা যায়৷ এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে দৈনিক পানীৰ পৰিমাণৰ যি প্ৰয়োজন, সেই অনুপাতে পূৰণ নহ’লে নানাৰকমৰ শাৰীৰিক জটিলতাই দেখা দিব পাৰে৷ পানীৰ অবিহনে শৰীৰৰ ক্ৰিয়াকলাপবোৰ যথাযথভাৱে সম্পন্ন নহয়৷ পানীৰ অভাৱত আমাৰ শৰীৰৰ দেখা দিয়া সমস্যাসমূহৰ ভিতৰত আছে–

(১) শাৰীৰিক ক্লান্তি ভাব : মাইণ্ড ডিহাইড্ৰেশ্যনৰ প্ৰধান লক্ষণ হৈছে শাৰীৰিক ক্লান্তি৷ আমাৰ শৰীৰৰ পৰা ওলোৱা ঘাম, মল-মূত্ৰ আনকি শ্বাস-প্ৰশ্বাসৰ লগতো পানী জড়িত৷ এই সকলোবোৰ নিয়মিতৰূপে সমাধা নহ’লে মূৰৰ বিষ, শাৰাীৰিক ক্লান্তি, অৱসাদ আদি আহিব পাৰে৷ মনসংযোগ বিচ্ছিন্ন হোৱা, মনত বিৰক্তিদায়ক ভাব অহা আদিবোৰে পানীৰ অভাৱতে হয়৷ সেয়ে পযাৰ্প্ত মাত্ৰাত পানী খাওক৷
(২) আপোনাৰ যদি কোষ্ঠকাঠিন্যতাৰ সমস্যা আছে, তেনেহ’লে পানী খোৱাৰ পৰিমাণ বঢ়াই দিয়ক৷ কোলন পানী শোষণ কৰা আৰু শৰীৰৰ কঠিন বৰ্জ্য ৰখাৰ প্ৰধান স্থান৷ পানী কমকৈ খালে মল কঠিন হ’ব পাৰে৷ ফলত শৌচ কৰোঁতে সমস্যা হোৱা দেখা যায়৷ গতিকে আমি পানী বেছিকৈ খাব লাগে৷ ইয়ে হজম শক্তিতো সহায় কৰে৷
(৩) মুখৰ দুৰ্গন্ধ : মুখৰ ভিতৰত জমা হোৱা বেক্টেৰিয়া আঁতৰ কৰাত পানীয়ে গুৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ পানী কমকৈ খালে লেলাউতি কমকৈ ওলায়৷ মুখৰ ভিতৰত বেক্টেৰিয়াৰ উৎপন্ন হৈ মুখৰ দুৰ্গন্ধ ওলাব পাৰে৷ মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে বিভিন্ন স্বাস্থ্যৰক্ষাৰ নিয়ম পালন কৰা হয় যদিও পানী সৰহকৈ খালে বহুখিনি সকাহ পোৱা যায়৷
(৪) প্ৰস্ৰাবৰ ৰং আৰু পৰিমাণ : এজন প্ৰাপ্তবয়স্ক লোকৰ দৈনিক ৬-৭ বাৰ পেচাব হোৱা উচিত৷ প্ৰস্ৰাবৰ পৰিমাণ যদি ইয়াতকৈ কম হয়, তেন্তে শৰীৰত পানীৰ পৰিমাণ কমাটো নিশ্চিত হোৱা যায়৷ আনহাতে পেচাবৰ ৰং হালধীয়া হ’লেও শৰীৰত পানীৰ পৰিমাণ কমিব পাৰে৷ তেনেহ’লে অবিলম্বে পানী খোৱা উচিত৷
(৫) শাৰীৰিক অসুখ : শৰীৰৰ যাৱতীয় টক্সিন, বেক্টেৰিয়া আদি বাহিৰ কৰাত পানীয়ে সহায় কৰে৷ যিসকলে পানী কমকৈ গ্ৰহণ কৰে, তেওঁলোকৰ শৰীৰৰ পৰা এনেধৰণৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰ ওলাব নোৱাৰে৷ ফলত শৰীৰৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ শৰীৰৰ দুৰ্বল হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে, শৰীৰত ক্লান্তি অনুভৱ হয়, শাৰীৰিক সক্ষমতা হেৰুৱাই পেলায় একমাত্ৰ পানীৰ অভাৱত৷
(৬) ছালৰ অনুজ্জ্বলতা : শৰীৰৰ পৰা টক্সিন ওলাই যাব নোৱৰাৰ বাবে ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ ছালে তাৰ স্থিতিস্থাপকতা হেৰুৱায়, ছাল অনুজ্জ্বল হয়৷ মুখত বলিৰেখাৰ চাপ পৰে, শালমইনা ওলায়, ছালখন শুষ্ক হৈ পৰে৷ বিশেষকৈ, শীতকালি ছালৰ যত্নৰ বাবে খুব বেছি পৰিমাণে পানী খাব লাগে৷
(৭) শীতকালত পানী কম খোৱা হেতু প্ৰস্ৰাবৰ জ্বলা-পোৰা আৰম্ভ হয়৷ যিসকলে পানী কম পৰিমাণে সেৱন কৰে, তেওঁলোকৰ প্ৰস্ৰাবৰ জ্বলা-পোৰা সমস্যা অধিক হয়৷
সেয়েহে আহক, শীতকালত আমি প্ৰচুৰ পৰিমাণে পানী সেৱন কৰি শাৰীৰিক অসুস্থতা দূৰ কৰাৰ লগতে শৰীৰ সুস্থ ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here