আপোনাৰ টোপনি খতি হৈছে নেকি? লওক এই ব্যৱস্থা

0
1859


বহুতৰ ক্ষেত্ৰতে মানসিক চাপ, আৰ্থিক সমস্যা আদিৰ কাৰণে টোপনিৰ পৰিমান কমি যোৱা দেখা যায়৷ এনেধৰণৰ সমস্যাই মানুহজনৰ ভালকৈ টোপনি অহাত ব্যাঘাত জন্মায়৷ বেছিভাগ মানুহে স্বাস্থ্য সুস্থ ৰাখিবলৈ যিমানখিনি টোপনিৰ প্ৰয়োজন, ঠিক সিমানখিনি টোপনি মাৰিব নোৱাৰে৷ অফিচৰ টাইমৰ কাৰণেই হওক বা অন্য চাপৰ বাবেই হওক, বিভিন্ন কাৰণত টোপনিত ব্যাঘাত ঘটা দেখা যায়৷ প্ৰতিদিনে৬-৮ ঘণ্টা টোপনি নামাৰিলে প্ৰতিৰোধ ক্ষমতা দুৰ্বল, হজমৰ সমস্যা, হৃদৰোগৰ সম্ভাৱনা বঢ়া, হতাশা, শৰীৰৰ ওজন বৃদ্ধি, চকুৰ বিকাৰ আদি নানান সমসাই দেখা দিব পাৰে৷

এনে পৰিস্থিতিত কিদৰেনো টোপনি মাত্ৰা বৃদ্ধি কৰিব পাৰি, জানো আহক–
শৰীৰচৰ্চা– স্বাস্থ্য সংক্ৰান্তীয় বহু গৱেষণাত প্ৰমাণিত হৈছে যে সকলো লোকেই প্ৰতিদিনে শৰীৰচৰ্চা বা ব্যায়াম কৰিব লাগে, ইয়াৰ ফলত সুস্বাস্থ্যৰ অধিকাৰী হোৱাই নহয়, ভাল টোপনিও অহাত সহায় কৰিব৷


মেগনেচিয়ামসমৃদ্ধ খাদ্য– ভাল টোপনিৰ বাবে বা মস্তিষ্কৰ সঠিকভাৱে কাম-কাজৰ কৰিবৰ বাবে মেগনেচিয়ামৰ প্ৰয়োজন৷ সেই কাৰণে আপুনি খাদ্য তালিকাত সজীৱ শাক-পাচলি, কল, কোমোৰাৰ গুটি, বাদাম, সূৰ্যমুখী গুটিৰ তৈয়াৰী বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত৷


অসময়ত টোপনি নাযাব– ৰাতি ভালদৰে টোপনি নাহিলে গোটেই দিনটো ক্লান্তি ভাবত কাম কৰা যায়৷ সেয়ে যিকোনো সময়ত শুব নালাগে৷ ইয়াৰ ফলত ৰাতি টোপনিত ব্যাঘাত জন্মিব পাৰে৷ ৰাতি এটা নিৰ্দিষ্ট সময়ত টোপনি যোৱাৰ অভ্যাস কৰিব লাগে৷


ৰাতি পাতল খাদ্য খাওক– যদি আপুনি ৰাতি গধুৰ খাদ্য গ্ৰহণ কৰে, তেন্তে সেই অভ্যাস পৰিত্যাগ কৰক৷ ৰাতি দেৰিলৈকে খোৱা বা গধুৰ খাদ্য গ্ৰহণে নানা শাৰীৰিক সমস্যা দেখা দিব পাৰে৷ ৰাতি অত্যধিক পৰিমাণৰ খাদ্য গ্ৰহণৰ ফলত এচিডিটি, গেছ, পেটৰ নানা বেমাৰে দেখা দিব পাৰে৷ য’ত আপোনাৰ টোপনিত ব্যাঘাত জন্মায়৷


শোৱাৰ আগতে চাহ-কফি নাখাব– শোৱাৰ আগে আগে কেতিয়াও চাহ বা কফি নাখাব৷ ইয়াত থকা কেফেইনে টোপনিত বাধা জন্মাব পাৰে৷ সেয়ে টোপনি ভাল নহয়৷


বিছনালৈ যাওঁতে দুশ্চিন্তা পৰিত্যাগ কৰক– দিনটোৰ ভাগৰ অৱসাদ, মানসিক চাপ আদিৰ পাছত ৰাতি টোপনিৰ বাবে বিছনালৈ যাওঁ৷ সেয়ে বিছনালৈ যাওঁতে আমি সকলো চিন্তা-দুখ আঁতৰাইহে যোৱা উচিত৷ নহ’লে গোটেই ৰাতিটো আপুনি বিছনাত উচপিচাই থাকোঁতে সময়বোৰ পাৰ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here