আপোনাৰ কলেষ্টৰেল বাঢ়িছে নেকি? তেন্তে কি নাখাব?

0
2174


আমি সকলোৱে জানো যে বেয়া কলেষ্টৰেল হাৰ্টৰ কাৰণে বিপজ্জনক৷ ইয়াৰ পৰাই হৃদৰোগৰ আৰম্ভণি হয়৷ আমাৰ বেছিভাগেই জানো যে হজম শক্তিয়ে আমাৰ দেহৰ কলেষ্টৰেলৰ মাত্ৰা সঠিক ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বেয়া কলেষ্টৰেল দেহৰ পৰা বাহিৰ কৰিবলৈ প্ৰধানতঃ নিৰ্দিষ্ট খাদ্য বাদ দিয়াটো উচিত৷ কণীৰ কুহুম ডায়েটাৰি কলেষ্টৰেলৰ অন্যতম উৎস৷ এটা কণীৰ কুহুমত ১৮৬ মিলিগ্ৰাম কলেষ্টৰেল থাকে৷ কণী খোৱাৰ ফলত কিদৰে আমাৰ শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি যায়, জানো আহক–
বহুতেই ভাবে যে কণী খোৱা উচিত নহয়, বিশেষকৈ কণীৰ কুহুমটো৷ অৱশ্যে এই চিন্তাৰ যুক্তিটো হ’ল কণীৰ কুহুমত কলেষ্টৰেল থাকে, যি ফছফাৰ লিপিডৰ এটা দুৰ্দান্ত উৎস৷ এই লিপিড বা চৰ্বি যিয়ে কলেষ্টৰেলৰ বিপাকৰ ওপৰত উপকাৰী প্ৰভাৱ পেলায়৷ গৱেষণাৰ দ্বাৰা জনা গৈছে যে কণীৰ কুহুমে কলেষ্টৰেলৰ মাত্ৰাক নেতিবাচকভাৱে প্ৰভাৱিত কৰে৷

যদিও কণী স্বাস্থ্যৰ বাবে খুব ভাল৷ কণীত প্ৰ’টিন, ভিটামিন-A, ভিটামিন-B, আইৰন, চেলেনিয়াম, জিংক, ফচফৰাছ, কেলচিয়াম আদি উপকাৰী উপাদান পোৱা যায়৷ ইয়ে আপোনাৰ গোটেই দিনটো শক্তি যোগান ধৰি থাকে৷ Asian Institute of‌ Medicale Sciences ৰ মতে, কণীয়ে আমাৰ স্বাস্থ্যৰ মুঠিও ক্ষতি নকৰে৷ প্ৰ’টিনৰ উৎস হিচাপে আমি কণী গ্ৰহণ কৰোঁ৷ তথাপি কিন্তু আপোনাৰ যদি কলেষ্টৰেল ইতিমধ্যে বৃদ্ধি পাই থাকে, তেতিয়া কণী খাব নালাগে৷ শৰীৰত যদি কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি হয়, তেতিয়া হৃদৰোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ আমি দৈনিক খুব বেছি পৰিমাণৰ কণী খাব নালাগে৷ দেহৰ ভাৰসাম্য বজাই ৰাখিহে কণী খোৱাটো উচিত৷ বিশেষজ্ঞৰ মতে প্ৰতিদিন অন্ততঃ দুটাকৈ কণী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল৷ কিয়নো অত্যধিক কণী খোৱাৰ ফলত শৰীৰৰ বেয়া কলেষ্টৰেল সৃষ্টি হৈ আপোনাৰ বিপদ ঘটাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here