আপোনাৰ ওজন বাঢ়িছে নেকি? সমাধানৰ লওক এই উপায়

0
2025


আজিকালি ওজন বৃদ্ধিৰ সমস্যাই প্ৰায় সকলোকে আহুকালত পেলাইছে৷ শাৰীৰিক পৰিশ্ৰম নোহোৱা, জাংক ফুডৰ পয়োভৰ আদি কাৰকে মুখ্যতঃ ওজন বৃদ্ধিত প্ৰভাৱ পেলায়৷ আমাৰ শৰীৰৰ অস্বাভাৱিকভাৱে ওজন বাঢ়িলে নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ সেই কাৰণে আমি নিজৰ শৰীৰৰ ওজনক লৈ খুব সচেতন হৈ থকাৰ প্ৰয়োজন৷ আজিকালি ওজন হ্ৰাসৰ বাবে প্ৰায় সকলোৱে শৰীৰচৰ্চা, খোৱা-বোৱাত সাৱধানতা, জাংক ফুড বৰ্জন আদি বিভিন্ন পন্থা লয়৷ কিন্তু আপুনি সহজে হাততে পোৱা এটা উপাদানেৰে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ সেইটো হৈছে নিমপাত৷ নিমপাতত ওজন নিয়ন্ত্ৰণ ৰখাৰ বহুতো উপাদান আছে৷ ওজন হ্ৰাসত নিমপাতে কিদৰে সহায় কৰে জানো আহক৷

Medicinal properties of neem juice: How to make and use this home remedy to fight dengue fever | Health Tips and News


[১] নিমৰ জুচে বিপাক প্ৰক্ৰিয়া উন্নত কৰে৷ নিমপাতত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে আপোনাৰ কেলৰি হ্ৰাস কৰাত সহায় কৰে৷ বিপাকৰ সৈতে যিহেতু ওজন বঢ়াৰ কাৰণ জড়িত, সেয়ে নিমপাত খালে ওজন সহজে হ্ৰাস পায়৷
[২] প্ৰতিদিনে নিমৰ জুচ খালে লিভাৰৰ ক্ষমতা বাঢ়ে৷ সেয়ে তেজত থকা ক্ষতিকাৰক টক্সিন শৰীৰৰ পৰা বাহিৰ হৈ যায়৷ শৰীৰত মেটাবলিজমৰ মাত্ৰা উন্নত হয়৷ সেয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷
[৩] নিমপাতে দেহত সঞ্চিত ফেট শোষিত হোৱাত বাধা দিয়ে৷ যাৰ কাৰণে শৰীৰত বেছি চৰ্বি জমা হ’ব নোৱাৰে৷ নিমপাতে আমাৰ বিপাক বা হজম শক্তি বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলায়৷ সেয়ে প্ৰতিদিনে নিমপাত খাওক৷

Neem Health Benefits: Reasons Why You Must Use This Medicinal Plant


[8] নিমপাতে শৰীৰৰ চৰ্বি বঢ়োৱা এনজাইমবোৰ বৃদ্ধি হ’বলৈ নিদিয়ে৷ সেই কাৰণে শৰীৰত থকা অতিৰিক্ত চৰ্বি দ্ৰুতভাৱে কমি যোৱাত সহায় কৰে৷ ফলত শৰীৰৰ ওজন হ্ৰাস পায়৷
[৫] নিমপাতত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ আমাৰ ওজন বৃদ্ধিৰ মূল কাৰণটো হ’ল অত্যধিক খোৱাৰ অভ্যাস৷ নিমৰ জুচে পেট ভৰাই ৰাখে৷ ফলত ভোক কমকৈ লাগে৷ ইয়াৰ উপৰি নিমপাত অন্ত্ৰৰ কাৰণেও উপকাৰী৷ ফলত পেটৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পাব পাৰি৷


সেয়েহে এনে এবিধ ঔষধিগুণসম্পন্ন উপকাৰী উদ্ভিদ ঘৰত ৰোপণ কৰি আমাৰ চৌপাশৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰোঁ লগতে ইয়াৰ পাত গ্ৰহণ কৰি শৰীৰ কৰি সুস্থ ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here