আপোনাৰ অনৱৰতে হাচি আহে নেকি?

0
1479

বাৰিষাৰ বৰষুণত ভিজাৰ মজাই বেলেগ৷ তাতে আকৌ জুবিন গাৰ্গৰ ‘বাৰিষাৰে বৰষুণত তুমি মই একেলগে….’ গানৰ কলি গুণগুণাই প্ৰিয়জনলৈ মনত পেলোৱাৰ আমেজেই সুকীয়া৷ কিন্তু বৰষুণত ভিজি-বুৰি যেতিয়া হাচিয়ে লগ নেৰা হয়, আচল পয়মালটো তেতিয়াহে লাগে৷ হাচি হৈছে এটা এলাৰ্জিজনিত ৰোগ৷ শৰীৰত ঠাণ্ডা সোমোৱাৰ উপৰিও ধূলি-বালি প্ৰদূষণ, এলাৰ্জি আদিৰ ফলতো হাচি আহিব পাৰে৷ এইটো কোনো ডাঙৰ সমস্যা নহয় যদিও যিকোনো পৰিস্থিতিতে অনৱৰতে হাচি আহি থকাটো অশান্তিকৰ হৈ পৰে৷ চিকিৎসকৰ মতে, যদি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ হাচি আহিছে আৰু ই ৰখাৰ নাম লোৱা নাই, তেন্তে আপোনাৰ শৰীৰত জিংকৰ সৰবৰাহ সঠিকভাৱে হোৱা নাই৷ এই ক্ষেত্ৰত জিংকৰ ছাপ্লিমেণ্ট খালে সুফল পোৱা যায়৷ নাইবা বাদামজাতীয় খাদ্য খাব পাৰে৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে জিংক পোৱা যায়৷

হাচি ৰখোৱাৰ কেইটামান ঘৰুৱা উপায় জানো আহক–

(১) হাচিৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰধান উপায় হ’ল গৰম পানী৷ গৰম পানী সেৱনে আপোনাক আৰাম প্ৰদান কৰিব পাৰে৷
(২) গৰম পানীত পদিনা তেল মিশ্ৰণ কৰি তাৰ ভাপ ল’ব লাগে৷
(৩) এগিলাচ গৰম পানীত মৌ আৰু ডালচেনি পাউডাৰ মিহলাই খালে সুফল পোৱা যায়৷
(৪) তুলসী, আদা, লং আৰু জালুকেৰে তৈয়াৰী চাহ খাব লাগে৷
(৫) মুলেথিৰ গুৰি পানীত উতলাই তাৰ ভাপ ল’ব লাগে৷
(৬) অনৱৰতে হাচি আহি থাকিলে পাণৰ ৰস খালেও সুফল পোৱা যায়৷
(৭) নাকত সৰিয়হৰ তেল কেইটোপালমান দিলেও হাচিৰ পৰা নিৰাময় পাব পাৰি৷
(৮) নহৰু পিচি পানীত উতলাই কুহুমীয়া কৰি খাব লাগে৷
(৯) কুহুমীয়া পানীত নেমুৰ ৰস আৰু মৌ মিহলাই কৰি খালেও হাচিৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here