আপোনাৰো ৰাতি দেৰিকৈ খাদ্য গ্ৰহণ কৰাৰ অভ্যাস আছে নেকি?

0
847
আধুনিক জীৱনশৈলীত সময়ৰ অভাৱ আৰু দেৰিলৈ কাম কৰাৰ অভ্যাসৰ ফলত মানুহে যেন নিজৰ স্বাস্থ্যৰ যতন ল’বলৈ পাহৰি গৈছে লগতে খাদ্যাভ্যাসৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰা দেখা যায়৷ আজিকালি প্ৰায়ভাগ লোকৰে মাজত ৰাতি দেৰিকৈ খাদ্য গ্ৰহণ কৰাৰ অভ্যাসে গঢ় লৈ উঠিছে৷ যি স্বাস্থ্যৰ পক্ষে লাভদায়ক নহয়৷ অধিকাংশ লোকে সুষম তথা পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো পচন্দ কৰে, কিন্তু আপুনি জানেনে অসময়ত এবাৰ খোৱা খাদ্যয়ো আপোনাৰ দিনটোৰ পৰিশ্ৰমৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ যদি আপোনাৰো দেৰিকৈ খাদ্য গ্ৰহণ কৰাৰ অভ্যাস আছে, তেন্তে এতিয়াই পৰিত্যাগ কৰক৷ কাৰণ ই অকল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয়, আনকি ওজন বৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগায়৷ 

ৰাতি দেৰিকৈ খোৱাৰ অভ্যাসে কি কি সমস্যাৰ সৃষ্টি কৰিব পাৰে জানো আহক–

(১) ৰাতি দেৰিকৈ খোৱাৰ অভ্যাসে পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়৷ কাৰণ দেৰিকৈ খোৱা খাদ্য হজম হ’বলৈ সময় লাগে৷ ইয়াৰ ফলত বদহজম, গেছ আদি সমস্যাই দেখা দিব পাৰে৷
(২) ৰাতি দেৰিকৈ খাদ্য গ্ৰহণ কৰিলে টোপনিতো ব্যাঘাত জন্মিব পাৰে আৰু ইয়াৰ ফলত মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷
(৩) ৰাতি দেৰিকৈ খোৱাৰ অভ্যাসে ওজন বৃদ্ধিত অৰিহণা যোগাব পাৰে৷ ৰাতি দেৰিকৈ খোৱাৰ ফলত শৰীৰৰ মেটাবলিজমৰ গতি কমিবলৈ ধৰে আৰু দিনৰ তুলনাত ৰাতি ই কেলৰি নষ্ট কৰিবলৈ সক্ষম নহয়৷ ইয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে৷
(৪) ৰাতি দেৰিকৈ খোৱা আৰু শোৱাৰ অভ্যাসে উচ্ছ ৰক্তচাপ আৰু ডায়েবেটিছৰ মুখ্য কাৰণ হ’ব পাৰে৷
(৫) ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত হৃদৰোগ সম্বন্ধীয় ৰোগৰ সৃষ্টি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here