Home Health Naturally আপেলৰ কি আছে এনে অসাধাৰণ গুণ

আপেলৰ কি আছে এনে অসাধাৰণ গুণ


নিয়মিত এটিকৈ আপেল খালে চিকিৎসকৰ কাষ নাচাপিলেও হয় বুলি কয়। আপেলৰ কি কি গুনে আমাক কিদৰে সহায় কৰে?
আপেল খালে দাঁতৰ বৰ উপকাৰ হয়। কাৰণ আপেল কামুৰি চোবাবলৈ আৰম্ভ কৰিলে আমাৰ মুখৰ ভিতৰত একেধৰণৰ লেলাৱতি উৎপন্ন হয়। ইয়াৰ জৰিয়তে দাঁতৰ কোণৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া বাহিৰ হৈ দাঁতৰ বহুখিনি ক্ষয়-ক্ষতি ৰোধ কৰে। আমেৰিকান এছ’চিয়েন ফৰ কেন্সাৰ ৰিচাৰ্ছৰ তথ্য অনুসৰি, দৈনিক এটাকৈ আপেল খালে অগ্নাশয় কেন্সাৰৰ সম্ভৱনা প্ৰায় ২৩ শতাংশ কমি যায়। কাৰণ আপেলত প্ৰচুৰ পৰিমাণে ফ্লেভনেল থাকে। তদুপৰি কৰ্নেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে আপেলৰ  মাজত এনে কিছু উপাদানৰ সন্ধান পাইছে, যি ট্ৰিটাৰপেনয়েডছ নামেৰে পৰিচিত। এই উপাদানটিয়ে কল’নৰ মাধ্যমেৰে কেন্সাৰৰ কোষ বাঢ়ি অহাত বাধা প্ৰদান কৰে। নেচনেল ইন্সটিটিউট ইন দ্য ইউ এছৰ গৱেষণাৰ তথ্য অনুসৰি আপেলত থকা ফাইবাৰে মলাশয়ৰ কেন্সাৰ প্ৰতিৰোধত সহায় কৰে। যিসকল লোকে প্ৰায় প্ৰতিদিনে আপেল খায়, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা প্ৰায় ২৮% কমি যায়। কিয়নো আপেলত থকা ফাইবাৰে তেজত শৰ্কৰাৰ পৰিমাণ সঠিক ৰখাত সহায় কৰে। তদুপৰি আপেলত থকা ফাইবাৰে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখে। এবাৰ যদি শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে, তেন্তে হাৰ্টৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা কমি যায়। আপেলত থকা ফেনলিক নামৰ উপাদানবিধে ৰক্তনলীৰ পৰা কলেষ্টেৰেল দূৰ কৰাত সহায় কৰে। ইয়াৰ ফলত হাৰ্টৰ তেজ চলাচল স্বাভাৱিক থাকে আৰু হৃদযন্ত্ৰৰ কোনো ক্ষতি হোৱাৰ আশংকা কমি যায়।

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,