আপুনি জানেনে? প্ৰাপ্তবয়স্ক লোকতকৈ শিশুৰ হাড় বেছি

0
1542

আমি সকলোৱে জানো মানৱ শৰীৰ ২০৬ ডাল হাড়েৰে গঠিত৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে এটি শিশুৰ জন্মতে ৩০০ ৰপৰা ৩০৬ ডাল হাড় থাকে৷ কাৰণ জন্মতে শিশু এটিৰ শৰীৰ সৰু সৰু উপাস্থিৰে গঠিত হয়৷ শিশুটি ডাঙৰ হোৱাৰ লগে লগে ইয়াৰে কিছুমান উপাস্থি যুক্ত হৈ এডাল হাড় হয়৷ বেছিভাগ জোৰা নলগা হাড় শিশু এটিৰ মূৰ অংশত থাকে৷ মহিলাৰ পেলভিক অংশটো বহু ঠেক হয়, যাৰ বাবে শিশু এটিয়ে ভূমিস্থ হ’বলৈ নিজকে সেই অংশত খাপ খুৱাই ল’বলগীয়া হয়৷ সেই কাৰণে শিশুটিৰ মূৰৰ জোৰা নলগা হাড়কেইডালে শিশুটিক ফ্লেক্সিবল্ কৰি সেই সৰু অংশৰে জন্ম লোৱাত সহায় কৰে৷ বয়স বৃদ্ধিৰ লগে লগে সেই হাড়কেইডাল জোৰা লাগি যায়৷ মানুহৰ লগতে চিম্পাঞ্জী, গৰিলা, ওৰাং, ওটাং আদি জন্তুৰো জন্মতে মূৰৰ হাড়কেইডাল জোৰা লাগি নাথাকে৷ কিন্তু জন্মৰ তিনি মাহ পাছতে সম্পূৰ্ণকৈ জোৰা লাগি যায়৷ শিশুৰ মূৰৰ লগতে আঁঠু অংশও জন্মতে উপাস্থি যুক্ত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here