আপুনি জানেনে ? ‘কভিড-১৯’-অত আক্ৰান্তৰ অন্যতম কাৰণ– ভিটামিন ডিৰ অভাৱ

0
1356

কৰ’না মহামাৰীৰ ভয়াৱহতা বৰ্তমানো বিশ্বজুৰি অব্যাহত আছে৷ কভিড-১৯-অৰ সংক্ৰমণে প্ৰতিখন দেশতে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বিশ্বত ইয়াৰ সংক্ৰমণৰ প্ৰথমটো ঢৌ শেষ নৌহওঁতেই কেইবাখনো দেশত পুনৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে৷ শেহতীয়াকৈ এক গৱেষণাত পোহৰলৈ আহিছে যে আমাৰ শৰীৰত ডি ভিটামিনৰ অভাৱৰ বাবে কৰ’না ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ খবৰ অনুসৰি, স্পেইনৰ এখন চিকিৎসালয়ত প্ৰায় দ্বি-শতাধিক কভিড-১৯ আক্ৰান্ত লোকৰ ওপৰত চলোৱা এক অধ্যয়নত গম পোৱা গৈছে যে সংক্ৰমিতসকলৰ ভিতৰত প্ৰায় আশী শতাংশ ৰোগীৰেই আক্ৰান্তৰ মূল কাৰণ শৰীৰত ভিটামিন-ডিৰ অভাৱ৷ আনহাতে অধ্যয়নটোত মহিলাতকৈ পুৰুষৰ ভিটামিন ডিৰ স্তৰ অধিক কম বুলিও কোৱা হৈছে৷ সেয়ে ভিটামিন ডিৰ অভাৱৰ কথা আশংকা কৰিয়েই কৰ’না আক্ৰান্ত ৰোগীক ডি ভিটামিন খাবলৈ পৰামৰ্শ দিয়া হৈছে৷ উল্লেখ্য যে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগতে কেলচিয়ামৰ নিয়ন্ত্ৰণ ৰখাত ডি ভিটামিনে সহায় কৰে৷ সেয়েহে আহক আজিৰে পৰাই পুৱাৰ কোমল ৰ’দ-কাঁচলিত বহি দেহত হোৱা ডি ভিটামিনৰ অভাৱ দূৰ কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here