আপুনি গেষ্ট্ৰিকত ভুগিছে নেকি ?

0
1948

আজিকালি সকলো লোকৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰা এটা অন্যতম বেমাৰ হৈছে গেষ্ট্ৰাইটিছ, যাক আমি গেষ্ট্ৰিক বুলি কওঁ৷ ইয়াক সাধাৰণ ৰোগ বুলি ভবা হয় যদিও পাছলৈ এই ৰোগে জটিল ৰূপ ধাৰণ কৰিব পাৰে৷ গেষ্ট্ৰাইটিছ বা গেষ্ট্ৰিক পেটৰ অভ্যন্তৰীণ ভাগত হোৱা এবিধ ৰোগ৷ এই ৰোগৰ বাবে পেটৰ বিষ, পেট-বুকু জ্বলা-পোৰা কৰা, ভোক নলগা, বমি ভাব, ওকালি অহা, কেতিয়াবা পাতল পায়খানা আদি সমস্যাই দেখা দিয়ে৷ গেষ্ট্ৰিক হ’লে পেটৰ ওপৰৰ অংশত বিষ অনুভৱ হয়৷ সাধাৰণতে শৰীৰত হোৱা বিভিন্ন প্ৰকাৰৰ বিষ নিৰাময়ৰ ঔষধ, অত্যধিক মদ্যপান, অধিক মছলাযুক্ত আহাৰ, ষ্টেৰয়ডজাতীয় ঔষধ আদিয়ে এই ৰোগ হোৱাৰ মূল কাৰণ৷ আমাৰ পাকস্থলীত থকা গ্ৰন্থিসমূহৰ পৰা হাইড্ৰ’ক্লৰিক এচিড নিঃসৰণ হয় আৰু এই এচিডৰ পৰিমাণ কিবা কাৰণত যদি বাঢ়ি যায়, ইয়ে শ্লেষ্মিক আৱৰণ ( gastric mucousal )ৰ ক্ষতি কৰি গেষ্ট্ৰিকৰ সৃষ্টি কৰে৷ আনহাতে অতিমাত্ৰা এচিড বাঢ়ি যোৱাৰ ফলত পাছৰ পৰ্যায়লৈ পেটৰ আলচাৰ, গলব্লাডাৰ আলচাৰ, পেটৰ টিউমাৰ আৰু ক্ৰনিক গেষ্ট্ৰিক ( chronic gastric )ৰ সম্ভাৱনা বঢ়াই দিয়ে৷ কিছু কিছু ক্ষেত্ৰত গেষ্ট্ৰিক ৰোগ কম সময়ৰ বাবে আৰু দীঘলীয়া পৰ্যায়তো হ’ব পাৰে৷ সাধাৰণতে কেঞ্চাৰৰ কেম’থেৰাপী হিচাপে ব্যৱহাৰ কৰা ঔষধসমূহেও গেষ্ট্ৰাইটিছ বঢ়োৱাটো দেখা যায়; সেয়ে কেঞ্চাৰ ৰোগীসকলে সাৱধানতা অৱলম্বন কৰা উচিত৷ গেষ্ট্ৰিক ৰোগৰ সমস্যা আঁতৰ কৰিবলৈ যথেষ্ট পৰিমাণৰ পানী, আদা, আঁহজাতীয় খাদ্য, সেউজীয়া শাক-পাচলি খোৱাটো প্ৰয়োজন৷ আনহাতে এলকহ’ল, অতিমাত্ৰা গাখীৰ, ফাষ্টফুড, মছলাযুক্ত খাদ্য যেনে– পিজ্জা, চিপ্‌ছ আদিবোৰ গেষ্ট্ৰিকৰ বাবে হানিকাৰক৷ গেষ্ট্ৰাইটিছ চিকিৎসাৰ ক্ষেত্ৰত এণ্ডোস্কোপি, ব্লাড টেষ্ট, ষ্টুল পৰীক্ষা আদি কৰা হয়৷ তাৰোপৰি এণ্টিবায়’টিকছ, প্ৰ’টন পাম্প, এণ্টা এচিড আদি ঔষধ এই ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here