আপুনি অনৱৰতে দৰ্জা-খিৰিকী বন্ধ কৰি ৰাখে নেকি? তেন্তে সাৱধান !

0
1825

বাহিৰৰ প্ৰদূষিত বায়ু, ধূলি-মাকতিৰ পৰা পৰিত্ৰাণ পাবলৈ আজিকালি প্ৰায়ভাগ লোকে ঘৰৰ দুৱাৰ-খিৰিকীবোৰ বন্ধ কৰি ৰাখে৷ আনহাতে এ চি, এয়াৰ কুলাৰ, হিটাৰ আদি ব্যৱহাৰ কৰিবৰ বাবেও দুৱাৰ-খিৰিকী বন্ধ ৰখাটো আৱশ্যক হৈ পৰে৷ কিন্তু আপুনি জানেনে? বাহিৰৰ প্ৰদূষিত বায়ুতকৈ আপোনাৰ ঘৰৰ ভিতৰত চলাচল হৈ থকা বায়ুখিনি অধিক প্ৰদূষিত হ’বও পাৰে৷ এনেকুৱা বহুত উৎস আছে, যাৰ দ্বাৰা আমাৰ ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষিত হ’ব পাৰে৷ তাৰ ভিতৰত সদায় ব্যৱহাৰ কৰি থকা পাৰ্ফিউম, এ চিৰ বতাহ, ধূপকাঠী, মহ খেদোৱা ধূপ, মমৰ ক’লা ধোঁৱা এই সকলোবোৰ সংমিশ্ৰণ হৈ, দৰ্জা- খিৰিকী বন্ধ ৰখাৰ বাবে বাহিৰলৈ ওলাব নোৱাৰি আমাৰ দেহৰ বাবে ক্ষতিকাৰক বায়ু উৎপন্ন কৰে৷ ইয়াৰ ফলত আমাৰ ৰক্তচাপ বাঢ়িব পাৰে, শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়াত ব্যাঘাত জন্মে লগতে ছালৰ নানা সমস্যাও দেখা দিব পাৰে৷ ইয়াৰ প্ৰতিকাৰৰূপে মাজে-সময়ে আমি ঘৰৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিব লাগে, যাতে ভিতৰত জমা হোৱা প্ৰদূষিত বায়ু বাহিৰলৈ ওলাই আহে৷ আকৌ বাহিৰৰ বায়ু ভিতৰত প্ৰৱেশ কৰি প্ৰদূষণ মুক্ত কৰি ৰাখিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here