আন ৰাজ্য ভ্ৰমণৰ সময়ত আৰ টি পি চি আৰ পৰীক্ষাৰ প্ৰয়োজন নাই

0
1136

যদিহে কৰ’নাত আক্ৰান্ত এজন ব্যক্তিৰ পাঁচ দিন ধৰি জ্বৰ উঠা নাই, তেতিয়া তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়ত আৰ টি পি চি আৰ পৰীক্ষা নকৰিলেও হ’ব৷

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ হোৱা সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কিছুমান নিয়ম শিথিল কৰিছে৷ ইয়াৰ অধীনত কৰ’নাৰ পৰীক্ষাৰ নিয়মৰ সালসলনি কৰিছে৷ এতিয়াৰ পৰা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱাৰ বাবে সংক্ৰমণৰ লক্ষণ নথকা ব্যক্তিয়ে আৰ টি পি চি আৰ পৰীক্ষা কৰিব নালাগে৷ উল্লেখ্য যে সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পাছত ৰাজ্যসমূহে আন ৰাজ্যৰ পৰা অহা ব্যক্তিৰ আৰ টি পি চি আৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰাটো বাধ্যতামূলক কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনা অনুসৰি যদিহে কৰ’নাত আক্ৰান্ত এজন ব্যক্তিৰ পাঁচ দিন ধৰি জ্বৰ উঠা নাই, তেতিয়া তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়ত আৰ টি পি চি আৰ পৰীক্ষা নকৰিলেও হ’ব৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে এই কথা প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে চৰকাৰী আৰু বেচৰকাৰী কেন্দ্ৰসমূহত ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাৰ বাবে কোনোধৰণৰ অনুমতিৰ প্ৰয়োজন নাই৷ তেওঁ লগতে কয় যে ঘৰতে পৰীক্ষা কৰোৱাৰ বিকল্পৰ কথাও চিন্তা কৰি থকা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here