আনাৰসে জিভাই লোৱা সোৱাদ কি নষ্ট কৰে?

0
2426

গুণগত মানৰ পৰা আনাৰসক প্ৰকৃততে ফলৰ ৰজা বুলি মানিব পাৰি যদিও অবিশ্বাস্য হ’লেও সত্য যে আনাৰসে জিভাৰ সোৱাদ নষ্ট কৰে৷ আনাৰসত Bromelain নামৰ এবিধ এনজাইম থাকে৷ এই এনজাইমে মুখৰ প্ৰ’টিন নষ্ট কৰে, বিশেষকৈ জিভাৰ সোৱাদ৷ বহু মানুহৰে আনাৰস খালে জিভাত জ্বলাৰ দৰে, বা বিন্ধাৰ দৰে অনুভৱ হয়, যাৰ ফলত অলপ সময়ৰ কাৰণে জিভাৰ সোৱাদ নষ্ট হয়৷ কিন্তু চোবোৱা বা গিলি দিয়াৰ পাছত মুখৰ লেলাউতি আৰু ষ্টমাক এচিডে সেই অনুভৱ নোহোৱা কৰে৷ গতিকে আপোনাৰো যদি আনাৰস খোৱাৰ পাছত জিভাৰ সোৱাদ নষ্ট হয়, তেনেহ’লে ভয় নকৰিব৷ আপোনাৰ জিভাখনে প্ৰ’টিন আৰু এমিন’ এচিড পুনৰ গঠন কৰি জিভাখনৰ সোৱাদ ঘূৰাই অনাত সহায় কৰে৷ জিভাৰ সোৱাদ নষ্ট নহ’বলৈ আনাৰস খোৱাৰ আগতে ইয়াক কাটি ফ্ৰীজত অলপ সময় থৈহে খাব লাগে, যাতে ইয়াৰ এনজাইম নষ্ট হৈ যায়৷ আনাৰসৰ মধ্যাংশত বিশেষকৈ এই এনজাইম থাকে, গতিকে আনাৰস খালে এই অংশটো খাব নালাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here