আদাৰ ঔষধি গুণৰ তুলনা নাই

0
1542

মছলাযুক্ত খাদ্য অবিহনে আমাৰ খাদ্যৰ সোৱাদ আধৰুৱা হৈ ৰয়৷ মাছ-মাংসকে ধৰি বিভিন্ন ব্যঞ্জনত মছলাৰ ব্যৱহাৰ হয়৷ এনে এবিধ মছলাযুক্ত পাচলি হৈছে আদা৷ আদাত থকা ঔষধি গুণসমূহৰ বাবে ইয়াক আমি প্ৰায়ে খাদ্য তালিকাত স্থান দিওঁ৷ আদাত তিনিৰ পৰা আঠ শতাংশ লিপিড, ফিন’লিক উপাদান, কাৰ্বহাইড্ৰেট আদি থাকে৷ আদা আম্লিক আৰু ক্ষাৰধৰ্মী নোহোৱাৰ বাবে ইয়াৰ কোনো পাশ্বৰ্ক্ৰিয়া নাথাকে৷ আদাক আমি প্ৰাকৃতিক বিষনাশক দৰব হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ৷ আদা খোৱাৰ ফলত চৰ্দি, জ্বৰ, মাংসপেশীৰ বিষ, বদহজম, বমি ভাব আদি নিৰাময় হয়৷ উল্লেখনীয় যে আদাই লিভাৰক সুৰক্ষা প্ৰদান কৰে৷ লগতে ই মগজুক কাৰ্যক্ষম কৰি ৰাখে৷ হাঁপানি ৰোগীৰ বাবে আদা এবিধ উত্তম পথ্য৷ মহিলাৰ মাহেকীয়া সমস্যা দূৰ কৰাত আদাই উল্লেখনীয় ভূমিকা লয়৷ আদাই কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷ আদা খালে ছাল, চুলিৰ উজ্জ্বলতা বাঢ়ে৷ আদাত থকা এণ্টি অক্সিডেণ্টে তেজত থকা শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ আমি প্ৰায়ে ৰঙা চাহৰ লগত আদা মিহলি কৰি খাওঁ৷ এনে কৰিলে শৰীৰৰ হজম শক্তি বৃদ্ধি পায়৷ শৰীৰৰ জিনীয় স্তৰত DNA-ক সুৰক্ষিত কৰি ৰাখে৷ ই বাতবিষ ভাল হোৱাত সহায় কৰে৷ ডিমেনচিয়া ৰোগ নিৰাময়ত আদাৰ অৰিহণা আছে৷ আদাৰ ঔষধি গুণ আন মছলাৰ তুলনাত বহুত বেছি, সেইবাবে পাকঘৰত আদা বাৱহাৰ কৰাটো অতিকে জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here