আজি ১৩ মাৰ্চ – বিশ্ব বৃক্ক দিৱস

0
18

ডাঃ নিতুল বৈশ্য ফোনঃ ৭৮৯৬২৪৬০০১

প্রতি বছৰে মার্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় কিডনী দিৱস পালন কৰা হয়। এই হিচাপে এই বছৰ অৰ্থাৎ ২০২৫ চনৰ ১৩ মার্চ তাৰিখ বৃহস্পতিবাৰে বিশ্বজুৰি ৯০ খনতকৈও অধিক দেশত এই দিবস পালন কৰা হৈছে। International Society of Nephrology (ISN)-ৰ উদ্যোগত আৰু International Federa-tion of Kidney Foundation (IFKF)-ৰ সহযোগত ২০০৬ চনৰ পৰাই এই দিনটো আন্তঃৰাষ্ট্ৰীয় কিডনী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ থিম হৈছে “Are Your Kidneys OK? Detect Early, Protect Kidney Health”। মূলতঃ কিডনীৰ বিভিন্ন ৰোগ আৰু যতন সম্পর্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

আজিৰ দিনত আমেৰিকাত অংগ বিকল (Organ Failure) হোৱা ৰোগীৰ সংখ্যা ১,০৭,০০০ । ইয়াৰ ভিতৰত অকল কিডনী বা বৃক্ক বিকল ৰোগীৰ সংখ্যাই ৯০,০০০ । ভাৰতত আজিৰ দিনত প্ৰায় ২ লাখ ৰোগীৰ দুয়োটা কিডনী বিকল।১৯৯০ চনত বৃক্ক বিকল হৈ মৃত্য হোৱা ৰোগীৰ সংখ্যাই ২৭ নং স্থান দখল কৰিছিল। ২০১০ ত ই গৈ ১৮ নং স্থান দখল কৰিলে। এখোপ আগলৈ গৈ ২০২০ চনত বিভিন্ন ৰোগ হৈ মৃত্যুবৰণ কৰা ৰোগীসমূহৰ প্ৰথম দহটা কাৰণৰ অন্যতম কাৰণ হিচাবে পৰিগণিত হৈছে ক্ৰনিক কিডনী ফেইলাৰ। সাম্প্ৰতিক তথ্যানুসৰি ভাৰতবৰ্ষৰ প্ৰতি ১০০ জন ৰোগীৰ ১৭ জনেই এই ৰোগত আক্ৰান্ত।

কিডনী দুটা আচলতে কি?
°°°°°°°°°°°°°°°°°°°°°°°°°°
ককালৰ ওপৰ অংশত নাভিটোৰ প্ৰায় চিধাচিধি ৰাজহাড়ডালৰ দুয়োকাষে দুটা কিডনী অৱস্থিত। দেখাত উৰহী গুটিটোৰ দৰে তন্তুকোষৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে। সোঁফালৰ কিডনীটো বাওঁফালৰ কিডনীটোতকৈ অলপ তলত থাকে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ প্ৰতিটো কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম হয়। ই দীঘলে প্ৰায় ১০-১৩ চেঃমিঃ আৰু বহলে ৩-৪ চেঃমিঃ মান হয়। তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১ মিলিয়ন নেফ্ৰণ থাকে। অতি সুক্ষ্ম কেশিকাৰে গঠিত জালিকাসদৃশ এই নেফ্ৰণে চাহ চহা চেকনিৰ দৰে ফিল্টাৰৰ কাম কৰে।

কিডনী দুটাই কি কাম কৰে?

কিডনী দুটাৰ প্ৰধান কাম হ’ল শৰীৰত জমা হোৱা জল-দ্ৰবিত (water soluble) অলাগতিয়াল দ্ৰব্যসমূহ শৰীৰৰ পৰা প্ৰস্ৰাৱ হিচাবে উলিয়াই দিয়া। মূত্ৰ উৎপন্ন কৰাৰ উপৰিও কিডনী বা বৃক্ক দুটাই কেলচিয়াম আৰু ভিটামিন ডিৰ উৎপাদন, ৰেনিন (renin) নামৰ এবিধ ৰসায়নৰ নিঃসৰণ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, এৰিথ্ৰ’প’য়েটিন (erythropoetin) নামৰ এবিধ হৰম’নৰ নিঃসৰণ কৰি অস্থিমজ্জাৰ পৰা ৰক্তকণিকা উৎপাদনত সহায় আদি কামবোৰো কৰে। ইয়াৰোপৰি কিডনীয়ে আমাৰ তেজৰ Ph নিয়ন্ত্ৰন কৰি ৰখাত সহায় কৰে।

কিডনী বিকল হোৱা ৰোগীৰ কি হয়?

এইবোৰৰ কাৰণতেই কিডনী বিকল হোৱা ৰোগীৰ তেজ কমি যায়, কেলচিয়ামৰ অভাৱ হয়, মূত্ৰ নিৰ্মাণত বাধাৰ বাবে শৰীৰত অতিৰিক্ত পানী জমা হয়, বিষাক্ত ক্ৰিয়েটিনিন আৰু ইউৰিয়া পৰিশোধন কৰিব নোৱাৰাৰ ফলত ইয়াৰ বিষাক্ত প্ৰভাৱ যেনে- বমি হোৱা, ছাল শুষ্ক হোৱা, মস্তিষ্কৰ বিকৃতি আদিৰ লগতে শৰীৰত অত্যধিক পটাচিয়াম জমা হৈ হৃদয় বিকল কৰা, অত্যধিক ছ’ডিয়াম জমা হৈ শৰীৰ ফুলা আদি অসুবিধাৰ সৃষ্টি হয়।

কিডনী ফেইলাৰৰ পৰ্যায়সমূহ কি কি?

বৃক্কৰ শোধন প্ৰক্ৰিয়াক Glomerular Filtarltion Rate অৰ্থাৎ চমুকৈ GFR বুলি বোৱা হয়। GFR কমি যোৱা মানেই কিডনী বিকল হোৱা বুজায়। ইয়াৰ বিভিন্ন পৰ্য্যায় আছে। সেয়া এনেধৰণৰ –
(১) প্ৰথম পৰ্য্যায় (First stage)- সুস্থ কিডনি, GFR ৯০ শতাংশ বা ততোধিক থাকে।
(২) দ্বিতীয় পৰ্য্যায়-(2nd stage)- GFR ৬০ ৰ পৰা ৮৯ শতাংশৰ ভিতৰত থাকে।
(৩) তৃতীয় পৰ্য্যায় (3rd stage)- GFR ৩০ৰ পৰা ৫৯ শতাংশৰ ভিতৰত থাকে।
(৪) চতুৰ্থ পৰ্য্যায় (4th stage)- GFR ১৫ ৰ পৰা ২৯ শতাংশৰ ভিতৰত থাকে।
(৫) পঞ্চম পৰ্য্যায় (5th stage)- GFR ১৫ শতাংশ বা তাতকৈ কমি গ’লে কিডনি বিকল হোৱা বুজায়। এনেবোৰ ৰোগীয়ে ডায়েলাইচি কৰিব লগা হয়। এনে অৱস্থা বহু দিনলৈ থাকিলে, বৃক্ক সলনি কৰিব লগাও হয়।
তেজত থকা ক্ৰিয়েটিনিন পৰীক্ষা কৰি বৃক্কৰ কিমান শতাংশ নষ্ট হৈছে তাৰ অনুমান কৰিব পাৰি।সাধাৰণতে তেজত ক্ৰিয়টিনিন ০.৫ মি. গ্ৰা শতাংশৰ পৰা ১.২ মি.গ্ৰা .শতাংশৰ ভিতৰত থাকে। ক্ৰিয়েটিনিনৰ পৰিমান ১.৫ মিলিগ্ৰাম শতাংশ হ’লে ৭৫% কিডনি সক্ৰিয় হৈ থকা বুজায়। ক্ৰিয়েটিনিনৰ পৰিমান ২ মি.গ্ৰা.শতাংশ হ’লে ৫০% কিডনিয়ে সক্ৰিয় বুলি ক’ব পাৰি। ক্ৰিয়েটিনিনৰ পৰিমান ৩.৫ মি.গ্ৰা. হ’লে ২৫% কিডনি সক্ৰিয় বুজায়। ক্ৰিয়েটিনিনৰ পৰিমান ৫ মি.গ্ৰা. হ’লে ১০% কিডনি সক্ৰিয় আৰু
ক্ৰিয়েটিনিনৰ পৰিমান ৬ ৰ পৰা ৮ মিঃগ্ৰাঃ হ’লে ৫% কিডনীহে সক্ৰিয় বুলি বুজা যায়। অৱশ্যে এই পৰিসংখ্যা কেৱল আক্ষৰিকভাৱেহে শুদ্ধ, ই হুবহু নহয় আৰু ইয়াৰ ওপৰত গৱেষণা চলি আছে।

কিডনী ফেইলাৰৰ কাৰণসমূহ কি কি?

সেউজ বিপ্লৱোত্তৰ কালছোৱাত কৃষিকৰ্মত উৎপাদন বৃদ্ধিৰ অৰ্থে অত্যধিক পৰিমাণে কীটনাশক দৰৱ আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰা হৈছে। সাম্প্ৰতিক সময়ত আধুনিক জীৱনশৈলীজনিত ৰোগ বা Life Style Disorder যেনে – ডায়েবেটিছ, উচ্চৰক্তচাপ আদিৰ প্ৰাদুৰ্ভাৱ ভয়াবহ হাৰত বৃদ্ধি পাইছে। এই সকলোবোৰে বৃক্ক বিকল হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি কৰাইছে। লগতে আমিষ আহাৰ, কিডনীৰ পাত্থৰ, ইউৰেটাৰৰ পাত্থৰ, মুত্ৰথলীত থকা পাত্থৰ, প্ৰ’ষ্টেট গ্ৰন্থিৰ আকাৰ বাঢ়ি প্ৰস্ৰাৱৰ সোঁ‌ত কমি যোৱা বা প্ৰস্ৰাৱ বন্ধ হৈ যোৱা আদি কাৰণতো কিডনীৰ কাম কৰা ক্ষমতা কমি যাব পাৰে আৰু কিডনী দুৰ্বল হ’ব পাৰে।

Prevention is better than cure. ৰোগ নৌহওঁ‌তেই কি কি খাদ্য আৰু অভ্যাস ত্যাগ কৰিব ?
(১) জধেমধে বিষনাশক ঔষধ নাখাব।
(২) গেষ্ট্ৰিকৰ PPI জাতীয় ঔষধ যেনে- পেন্ট’প্ৰাজল আৰু ৰেবিপ্ৰাজ’ল বেছিদিন খালেও বিভিন্ন কিডনী ৰোগ হয়।
(২) মাদক দ্ৰব্য বৰ্জন কৰিব। ইউৰিয়া মিহলোৱা ভেজাল মাদকদ্ৰব্য সেৱনৰ কাৰণেও কিডনীৰ বিভিন্ন ৰোগ হ’ব পাৰে।
(৩) ফৰ্মেলডিহাইদ দি সং‌ৰক্ষণ কৰা চালানী মাছ খোৱাৰ পৰা বিৰত থাকক।
(৪) আজিকালি খেতিত মাটি পৰীক্ষা নকৰাকৈ যধে-মধে অত্যধিক পৰিমাণে প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ আদিৰ অৱশিষ্ট অংশ খাদ্যৰ জৰিয়তে শৰীৰলৈ গৈ কিডনীৰ বিস্তৰ ক্ষতি সাধন কৰে।
(৫) ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে কিডনী ৰোগত ভোগাৰ সম্ভাৱনা আটাইতকৈ বেছি। এনে ৰোগীয়ে এই দুটা ৰোগক সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা উচিত।
(৬) বিলাহী, ফুলকবি, উৰহী, বেঙেনা, ৰঙালাও চীনা বাদাম, ক’লা আঙুৰ , পালেং আদি যিবোৰ শাক-পাচলিত যঠেষ্ট পৰিমাণে কেলচিয়াম আৰু পিউৰিন থাকে; সেইবোৰে কিডনীত পাথৰ উৎপন্ন কৰাকে ধৰি কিডনীৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰে।

ৰোগ নৌহওঁ‌তেই কি কি খাদ্যাভ্যাস আকোৱালি ল’ব?
(১) অসমীয়াত কৈছে – “পানীয়েই প্ৰাণীৰ প্ৰাণ, পানী বিনে নাই আন, ফলমূলে কৰে শক্তি দান।” ইংৰাজীত কৈছে- “Keep the Kidneys wet and lung dry.” শৰীৰটো ভালদৰে শোধন হ’বৰ বাবে প্ৰতিদিনে প্ৰায় ৪-৫ লিটাৰ পানীৰ প্ৰয়োজন।
(২) তেতেলিত থকা টাৰ্টাৰিক এচিডে তেজত থকা বিষাক্ত পদাৰ্থ প্ৰস্ৰাৱৰ লগত বাহিৰ কৰাত সহায় কৰি কিডনীক সুৰক্ষিত কৰি ৰাখে ‌
(৩) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক্স থাকে। ই তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেছিয়াম, ফচফেট আৰু অক্সালেট আদি প্ৰস্ৰাৱৰ সৈতে বাহিৰ কৰি দি কিডনী সুৰক্ষিত কৰি ৰাখে।
(৪) নেমুটেঙাত থকা চাইট্ৰিক এচিডে কিডনীত জমা হোৱা কেলচিয়াম অক্সালেট, ফছফেট আদি গেদবোৰ গলাই দি প্ৰস্ৰাৱৰ সৈতে বাহিৰ কৰি কিডনী দুটা পৰিস্কাৰ কৰি ৰাখে।
(৫) পুনৰ্ণৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হ’ব নোৱাৰে।
(৬) দূপৰটেঙা পাতৰ ৰস ১০ মিঃলিঃ একাপ ঠাণ্ডা পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত খালে সকলো প্ৰকাৰৰ কিডনী ষ্টোন প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যায়।
(৭) বৰুণ গছৰ বাকলি ১ঃ৫ অনুপাতত লৈ পানীত উতলাই পানীৰ পৰিমাণ এক পঞ্চমাংশলৈ হ্ৰাস কৰি পিছত সেইখিনি ভালদৰে ছেকি পানীখিনি ৰাখি লৈ সেয়া চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টন বাহিৰ হোৱাৰ উপৰিও সকলো প্ৰকাৰৰ কিডনী ৰোগ ভাল হয় ।
(৮) সদায় সক্ৰিয় হৈ থাকক। মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগৰ প্ৰতিৰোধী ব্যৱস্থা লওঁক। নিয়মীয়াকৈ শাৰিৰীক পৰিশ্ৰম কৰক। খোজ কাঢ়ক।

ৰোগ ধৰা পৰাৰ পিছত কি কৰিব ?

ততালিকে চিকিৎসকৰ পৰামৰ্শ লওঁক। ক্ৰ’নিক কিডনী ৰোগৰ নিৰ্দ্দিষ্ট ডায়েট লিষ্ট আছে, সেয়া অনুসৰণ কৰক। যোগাসন আৰু নিয়মীয়াকৈ লঘু শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰক।

আধুনিক চিকিৎসা বিজ্ঞানৰ মতে বৃক্কৰ কোষ সমূহৰ পুনৰ সৃষ্টি (rejuvenation) ৰ ক্ষমতা থাকে। অৰ্থাৎ কোষসমূহ যদি নষ্ট হৈ সংখ্যাত কম হৈ যায়, তেন্তে থকা কোষ সমূহৰ পৰা নতুন কোষৰ সৃষ্টি হব পাৰে।এনেবোৰ কোষক stable cell বুলি কোৱা হয়। ওপৰোক্ত তথ্যৰ পৰা বুজা যায় যে বৃক্কৰ কোষ পুনৰ উজ্জীৱিত কৰি বৃক্কক আগৰ অৱস্থালৈ ঘূৰাই অনাটো সম্ভৱ হয়।
প্ৰাৰম্ভিক পৰ্য্যায়ত পোৱা এনে ৰোগীক আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণ সুস্থ কৰি তুলিব পাৰি। ইয়াৰোপৰি ডায়েলাইছিছ কৰি থকা ৰোগীৰ দুটা ডায়েলাইছিছৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিব পাৰি।কেতবোৰ ৰোগীৰ ডায়েলাইছিছ বন্ধ কৰি দিব পাৰি। বিকল হোৱা কিডনীৰ বাবে সৃষ্টি হোৱা শৰীৰৰ অন্যান্য অসুবিধাসমূহ দূৰ কৰিব পাৰি। কিডনী সলনি (Renal Transplant) কৰিব লগীয়া ৰোগীক বহু দিনলৈ অপাৰেচন নকৰাকৈ ৰাখিব পাৰি।
উল্লেখ্য যে আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানত এনে কেতবোৰ বনৌষধি আছে, যিবোৰ এই কিডনী ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত অতি লাভদায়ক হয়। আমাৰ চৌপাশে থকা বৰুন আৰু পুনৰ্ণৱা এই ক্ষেত্ৰত মহৌষধস্বৰূপ; যিয়ে কিডনীৰ কোষ পুনৰুজ্জ্বীৱিত কৰি তুলিব পাৰে।
অৱশ্যে কিডনী ৰোগৰ বাবে উপযোগী বনৌষধিসমূহৰ দ্বাৰা প্ৰস্তুত কৰা সংমিশ্ৰিত দৰৱসমূহ কোনো স্বীকৃতপ্ৰাপ্ত অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে গ্ৰহণ কৰা উচিত।

সি যি কি নহওক, ৰোগ হোৱালৈ বাট নাচাই ৰোগ নহওতেই প্ৰতিবছৰে এবাৰকৈ হ’লেও আপোনাৰ কিডনী দুটা ভালে আছেনে নাই, তাক পৰীক্ষা কৰা উচিত। মনত ৰাখিবৰ সুবিধাৰ বাবে আজিৰ এই বৃক্ক দিৱসৰ দিনটোতেই প্ৰতিবছৰে কিডনীৰ পৰীক্ষা কৰাব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here