আজি বিশ্ব এইড্‌ছ ভেক্‌চিন দিৱস

0
1379

এইডছৰ দৰে বেমাৰৰ ভেকচিন উৎপাদনৰ ক্ষেত্ৰত যিসকল বিজ্ঞানী তথা স্বাস্থ্য বিশেষজ্ঞসকলে অহৰহ কাম কৰি আছে, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিনটোক বিশ্ব এইড্‌ছ ভেকচিন দিৱস হিচাপে পালন কৰা হয়৷

আজি বিশ্ব এইড্‌ছ ভেক্‌চিন দিৱস৷ প্ৰতিবছৰে ১৮ মে’ তাৰিখৰ দিনটোত বিশ্ব এইড্‌ছ ভেক্‌চিন দিৱস হিচাপে পালন কৰা হয়৷ এইডছৰ টিকাকৰণৰ বাবে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কৰাৰ বাবে এই দিনটো উদ্‌যাপন কৰা হয়। লগতে এইডছৰ দৰে বেমাৰৰ ভেকচিন উৎপাদনৰ ক্ষেত্ৰত যিসকল বিজ্ঞানী তথা স্বাস্থ্য বিশেষজ্ঞসকলে অহৰহ কাম কৰি আছে, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিনটোক বিশ্ব এইড্‌ছ ভেকচিন দিৱস হিচাপে পালন কৰা হয়৷ এইডছৰ দৰে বেমাৰৰো যে চিকিৎসা সম্ভৱ হয়, এই পৰিপ্ৰেক্ষিতত জনসাধাৰণক বিশ্বাস দিয়াটো অতি আৱশ্যক আৰু সেয়েহে এই বিশেষ দিনটোত বিভিন্ন সংস্থা, চিকিৎসকসকলে মিলি জনসাধাৰণক সজাগ কৰিবলৈ যত্ন কৰে৷ দ্য নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ এলাৰ্জি এণ্ড ইনফেক্‌চিয়াছ ডিজিজ, চমুকৈ এন আই এ আই ডিৰ নেতৃত্বত সমগ্ৰ বিশ্বত এই বিশেষ দিনটোক বিশ্ব এইড্‌ছ ভেক্‌চিন দিৱস হিচাপে পালন কৰা হয়৷ ১৯৯৭ চনৰ ১৮ মে’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে মৰগান ষ্টেট ইউনিভাৰ্ছিটিৰ এটা ভাষণত পোন প্ৰথমবাৰৰ বাবে বিশ্ব এইড্‌ছ ভেক্‌চিন দিৱস পালনৰ কথা উত্থাপন কৰে৷ তেওঁ কয় যে ভেকচিনেই হৈছে একমাত্ৰ উপায়, যাৰ দ্বাৰা HIV-ৰ সংক্ৰমণ হ্ৰাস কৰিব পাৰি৷ ইয়াৰ পাছতে ১৯৯৮ চনৰ ১৮ মে’ৰ পৰা সমগ্ৰ বিশ্বত এই বিশেষ দিনটোত বিশ্ব এইড্‌ছ ভেক্‌চিন দিৱস হিচাপে পালন কৰি অহা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here