আজি পবিত্ৰ ঈদ, হেঁপাহৰ ঈদ

0
963

বিচিত্র মানুহ, বিচিত্ৰ ধৰ্ম-শিল্প-সংস্কৃতিয়ে এই বসুন্ধৰাৰ মানবজাতিটোক যাউতিযুগীয়া কৰি ৰাখিছে। আজি পবিত্ৰ ঈদ। এই পৃথিৱী নামৰ গ্ৰহটোত আজিৰ দিনটোত কোটি কোটি মুছলমান ধৰ্মাৱলম্বী লোকে পবিত্ৰ ৰমজান মাহৰ অন্তত হৃদয়ৰ সমস্ত সততা আৰু পবিত্ৰতাৰে হেঁপাহৰ ঈদটি পালন কৰিছে। আচলতে ধৰ্মীয় আচাৰ-নীতি তথা আধ্যাত্মিকতাৰ অনুভৱে এগৰাকী ব্যক্তিক সৰ্বাংগসুন্দৰ মন এটাৰ অধিকাৰী হৈ থাকিবলৈ সহায় কৰে। কেৱল যে মুছলমান ধৰ্মাৱলম্বীলোকেহে ঈদ পালন কৰে, তেনে নহয়। বৈচিত্ৰ্যতাৰ মাজৰ একতাই এই পৃথিৱীৰ সুন্দৰ মনৰ মানুহবোৰক এইটোৱেই শিক্ষা দিছে যে এই পৃথিৱীৰ প্ৰতিটো ধৰ্মীয় উৎসৱেই আমাৰ উৎসৱ, আমাৰ পৃথিৱীৰ উৎসৱ। প্ৰতিটো উৎসৱেই মিলা-প্ৰীতি আৰু একতাৰ উৎসৱ, সু-সুংহতিৰ উৎসৱ। ভাৰতবৰ্ষতো প্ৰতিটো ধৰ্মাৱলম্বী লোকেই প্ৰতিটো ধৰ্মৰ উৎসৱ-পাৰ্বণবোৰত সমানেই ভাগ লোৱা দেখা যায় আৰু সহায়-সহযোগিতাৰে ভাতৃত্ববোধৰ এনাজৰীডাল সৰ্বাংগসুন্দৰ কৰি ৰাখে। পিছে কভিডৰ দ্বিতীয়টো ঢৌৱে জুৰুলা কৰি ৰখা ভাৰতত এইবাৰ যেন পাৰভঙা উছাহ নাই। কৰ’না ভাইৰাছে বহু আপোনজনক আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে লৈ গ’ল। দুখৰ ঢৌ এটাই আমাৰ প্ৰত্যেককে অনবৰতে আঘাত কৰি থাকে। তাৰ মাজতেই আজি আমি পালন কৰিম হেঁপাহৰ পবিত্ৰ ঈদটি। পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি সকলোৱে কভিড প্ৰট’কলসমূহ মানি হেঁপাহৰ ঈদটি পালন কৰোঁ আহক। হেঁপাহৰ এই ঈদে এই বসুন্ধৰালৈ শান্তি কঢ়িয়াই আনিব, সম্প্ৰীতি কঢ়িয়াই আনিব, পুনৰ আমি ঘূৰাই পাম কৰ’নামুক্ত আমাৰ আপোন পৃথিবীখনক। ‘নিউজ হেল’থ প্লাছ’ৰ তৰফৰ পৰা সকলোটিলৈকে পবিত্ৰ ঈদৰ হিয়াভৰা শুভেচ্ছা যাচিছোঁ। সকলোৰে মংগল হ‌ওক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here