আজব-কাণ্ড : এখন এম্বুলেন্সে এবাৰতে কঢ়িয়ালে ২২টা মৃতদেহ

0
1934

এনেদৰে মৃতদেহ কঢ়িয়াই নিয়াৰ দৃশ্য ম’বাইলত আবদ্ধ কৰা দেখা পাই আৰক্ষীয়ে দুজন ব্যক্তিৰ ম’বাইল ফোন কাঢ়ি নিয়াৰ ঘটনাও সংঘটিত হয়৷

এক নভবা-নিচিন্তা, আজব কাণ্ড সংঘটিত হৈছে এইখন দেশত৷ এখন এম্বুলেন্সে একেলগে এবাৰতে ২২টা মৃতদেহ কঢ়িয়াই নিয়াৰ ঘটনাই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷ উক্ত ঘটনাটো সংঘটিত হয় মহাৰাষ্ট্ৰৰ বিড জিলাত৷ সমগ্ৰ দেশতে কৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰি নিতৌ শ শ লোকৰ জীৱন কাঢ়ি নিছে৷ দেশৰ আন প্ৰান্তৰ লগতে মহাৰাষ্ট্ৰতো কৰ’নাত আক্ৰান্ত হৈ দৈনিক বহু লোকৰ মৃত্যু হৈছে৷ এনেদৰে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত ৰাজ্যখনত মৃতদেহ কঢ়িয়াবলৈ এম্বুলেন্সৰ ভীষণ নাটনি হোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে এইদৰে একেলগে ২২টা মৃতদেহ একেলগে কঢ়িয়াই নিয়াৰ ফলত ৰাজ্যখনৰ বিড জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জিলাখনৰ অম্বাযোগাই চহৰৰ স্বামী ৰমানন্দ তীৰ্থ মাৰাঠৱাড়া চৰকাৰী মেডিকেল কলেজৰ পৰা বস্তাত ভৰাই এইদৰে ২২টা মৃতদেহ শেষকৃত্যৰ বাবে শ্মশানলৈ নিয়া হয়৷ এই লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে জিলাখনত৷ উক্ত আইন-বিৰোধী, লোমহৰ্ষক ঘটনা সন্দৰ্ভত অম্বাযোগাইৰ অতিৰিক্ত কালেক্টৰক তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ উল্লেখ্য যে এনেদৰে মৃতদেহ কঢ়িয়াই নিয়াৰ দৃশ্য ম’বাইলত আবদ্ধ কৰা দেখা পাই আৰক্ষীয়ে দুজন ব্যক্তিৰ ম’বাইল ফোন কাঢ়ি নিয়াৰ ঘটনাও সংঘটিত হয়৷ অৱশ্যে মৃতদেহৰ শেষকৃত্যৰ পাছতহে আৰক্ষীয়ে ফোনকেইটা ঘূৰাই দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here