আচৰিত ! কভিড-১৯ চিনাক্ত কৰিব পাৰে মৌমাখিয়ে

0
1207

ই প্ৰশিক্ষণত যেতিয়াই কভিড সংক্ৰমিত চেম্পল মৌমাখিৰ সংস্পলৈ অনা হ’ব, তেতিয়াই মৌমাখিয়ে নিজৰ জিভা বাহিৰ উলিয়াই দিব৷ ইয়াৰ অৰ্থ হৈছে এই চেম্পল পজিটিভ হয়৷

যেতিয়াৰ পৰা বিশ্বজুৰি কৰ’না মহামাৰীৰ সৃষ্টি হৈছে, তেতিয়াৰ পৰাই বৈজ্ঞানিকসকলে দিন-ৰাতি একাকাৰ কৰি এই ভাইৰাছৰ অৱস্থিতি ধৰা পেলোৱাৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ তেনে এবিধ এক আচৰিত পৰীক্ষা লৈ আহিছে নেদাৰলেণ্ডৰ এদল বিজ্ঞানীয়ে৷ এই পৰীক্ষাত তেওঁলোকে ব্যৱহাৰ কৰিছে মৌমাখি৷ তেওঁলোকে দাবী জনাইছে যে মৌমাখিৰ দ্বাৰা কভিডৰ অৱস্থিতি কেই ছেকেণ্ডমানৰ ভিতৰতে ধৰা পেলোৱা সম্ভৱ হ’ব৷ দৰাচলতে মৌমাখিৰ ঘ্ৰাণশক্তিক এই ক্ষেত্ৰত ব্যৱহাৰ কৰিছে বিজ্ঞানীসকলে৷ বিজ্ঞানীসকলে এই ক্ষেত্ৰত মৌমাখিবোৰক বিশেষ প্ৰশিক্ষণ দিছে৷ এই গৱেষণাত ১৫০ ৰো অধিক মৌমাখি অন্তভুৰ্ক্ত কৰা হৈছে৷ এই প্ৰশিক্ষণত যেতিয়াই কভিড সংক্ৰমিত চেম্পল মৌমাখিৰ সংস্পলৈ অনা হ’ব, তেতিয়াই মৌমাখিয়ে নিজৰ জিভা বাহিৰ উলিয়াই দিব৷ ইয়াৰ অৰ্থ হৈছে এই চেম্পল পজিটিভ হয়৷ ইয়াৰ বিনিময়ত  মৌমাখিবোৰক পুৰস্কাৰ হিচাপে চেনিপানীৰ মিশ্ৰণ প্ৰদান কৰা হৈছে৷ আনহাতে নিগেটিভ চেম্পল ধৰা পেলোৱাত কোনো ধৰণৰ পুৰস্কাৰ প্ৰদান কৰা হোৱা নাছিল৷ উল্লেখ্য যে নেদাৰলেণ্ডৰ ৱাজেনিনজেন বিশ্ববিদ্যালয়ৰ জৈৱ পশু চিকিৎসা গৱেষণাগাৰত মৌমাখিবোৰৰ প্ৰশিক্ষণ চলি আছে৷ বিশ্ববিদ্যালয়খনৰ ভাইৰ’লজিৰ অধ্যাপক ৱিম ভেন ডাৰ পুৱেলে কয় যে মৌমাখিবোৰক কভিড-১৯ত ভুগি থকা ৰোগীৰ চেম্পল চিনাক্ত কৰিবলৈ দিয়া প্ৰশিক্ষণত মৌমাখিবোৰে কভিড পজিটিভ চিনাক্ত কৰাৰ সময়ত স্বতঃস্ফূৰ্তভাৱে নিজৰ জিভা সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হয়৷  উল্লেখ্য যে বৰ্তমান প্ৰচলিত কৰ’না পৰীক্ষাৰ চূড়ান্ত ফলাফল পাবলৈ লগা সময় আৰু খৰচৰ মাত্ৰা এই প্ৰক্ৰিয়াই হ্ৰাস কৰিব বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here