আগতে কভিড টেষ্ট পাছতহে ভেক্‌চিন

0
1409
কভিড-১৯ ভেক্‌চিন প্ৰদানৰ পূৰ্বে প্ৰতিজন লোকৰে কভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে৷ ভেক্‌চিন লোৱাৰ পাছত অসুস্থ হৈ পৰা বহুসংখ্যক লোকৰ শৰীৰত কভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই ৰাজ্যৰ স্বাস্থ্য বিভাগে ভেক্‌চিন প্ৰদানৰ ক্ষেত্ৰত বহুকেইটা নীতি-নিৰ্দেশ জাৰি কৰিছে৷ সেই অনুসৰি এতিয়াৰে পৰা ভেক্‌চিন লোৱাৰ পূৰ্বেই প্ৰতিজন লোকৰে কভিড পৰীক্ষা কৰা হ’ব আৰু কভিড নিগেটিভ হোৱা লোককহে ভেক্‌চিন প্ৰদান কৰা হ’ব৷ আনহাতে ভেক্‌চিন ল’বলৈ যোৱা লোকসকলৰ মাজত লক্ষণ নথকা অথচ কভিডত আক্ৰান্ত হৈ থকা লোকৰ পৰা যাতে সংক্ৰমণ নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি ভেক্‌চিন প্ৰদান কেন্দ্ৰসমূহত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰতো গুৰুত্ব দিছে স্বাস্থ্য বিভাগে৷ সেই অনুসৰি কেন্দ্ৰসমূহত কমেও তিনিটা কোঠা থাকিব লাগিব৷ তাৰে এটা কোঠাত ভেক্‌চিন প্ৰদান কৰাৰ বিপৰীতে আন দুটাৰ এটা কোঠাত ভেক্‌চিন লোৱাৰ পূৰ্বে লোকসকলে অপেক্ষা কৰিব আৰু এটা কোঠাত ভেক্‌চিন লোৱাৰ পাছত লোকসকলক পৰ্যবেক্ষণত ৰখা হ’ব৷ একেদৰে প্ৰতিটো ভেক্‌চিন প্ৰদান কেন্দ্ৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা দুই-তিনি কিল’মিটাৰৰ ভিতৰত হ’ব লাগিব৷ মন কৰিবলগীয়া যে ভেক্‌চিন লোৱাৰ পূৰ্বে কভিড পৰীক্ষাৰ ব্যৱস্থা মাজতে কৰা হৈছিল যদিও ভেক্‌চিন লোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত এই ব্যৱস্থা প্ৰত্যাহাৰ কৰা হয়৷ যাৰ ফলত বহু সংখ্যক লক্ষণ নথকা অথচ কৰ’নাত আক্ৰান্ত হোৱা লোকেও ভেক্‌চিন লয়৷ কিন্তু ভেক্‌চিন লোৱাৰ পাছত উক্ত লোকসকল অসুস্থ হৈ পৰাত স্বাস্থ্য পৰীক্ষা কৰাতহে তেওঁলোকৰ শৰীৰত কভিড-১৯ৰ অৱস্থিতি ধৰা পৰে৷ সেয়েহে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে ভেকচিন প্ৰদানৰ পূৰ্বেই কভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে৷ উল্লেখ্য যে অসমত যোৱা ২৬ মে’লৈকে মুঠ ৩৯,৩৪,৭৮৫জন লোকে ভেক্‌চিন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত দুয়োপালি ভেক্‌চিন লাভ কৰিছে ৮,১৩,৬৯৫জন আৰু প্ৰথম পালি ভেক্‌চিন লাভ কৰিছে ৩১,২১,০৯০জন লোকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here