অ’ এন এছৰ অধ্যয়নত প্ৰকাশ : ভেক্‌চিনৰ এটা ড’জেই কৰ’নাৰ সংক্ৰমণ ৬৫% কমায়

0
945

গৱেষকসকলে সতৰ্ক কৰি দিয়ে যে ভেক্‌চিন ল’লেও পুনৰ সংক্ৰমণ হ’ব পাৰে আৰু ভাইৰাছৰ লক্ষণবিহীন সংক্ৰমণ বিয়পি পৰিব পাৰে৷ সেই কাৰণে সামাজিক দূৰত্ব মানি চলা আৰু ফে’চ মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা এতিয়াও গুৰুত্বপূৰ্ণ৷


বৰ্তমান ইউ কেত দি থকা অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকা বা ফাইজাৰ-বায়’এনটেকৰ কভিড-১৯ ভেকচিনৰ যিকোনো এটাৰ এটা ড’জ বা পালি ল’লেই কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ প্ৰায় ৬৫ শতাংশ কমে– ইউ কেত চলোৱা এটা নতুন অধ্যয়নত এই কথা কোৱা হৈছে৷ ইউনিভাৰ্ছিটি অব্‌ অক্সফ’ৰ্ড আৰু অফিচ অব্‌ নেশ্যনেল ষ্টেটিষ্টিক্‌ছ চমুকৈ অ’ এন এছ- এ চলোৱা দুটা অধ্যয়নৰ পৰা এইটোও জনা গৈছে যে দুয়োটা ভেক্‌চিনৰ দুটা ড’জৰ ভিতৰত এটা লোৱাৰ পাছতে বৃদ্ধ আৰু বেছি স্পৰ্শকাতৰ ব্যক্তিসকলৰ লগতে কম বয়সীয়া আৰু স্বাস্থ্যৱান ব্যক্তিসকলৰ স্বাস্থ্যকো ভেক্‌চিন দুটাই সুৰক্ষা দিয়াৰ প্ৰমাণ পোৱা গৈছে৷ অধ্যয়নটোত ইংগিত দিয়া হৈছে যে টিকাকৰণৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হোৱা আৰু কভিড-১৯ত মৃত্যু হোৱা ঘটনাও আশাজনকভাৱে কমা দেখা গৈছে৷ কিন্তু গৱেষকসকলে সতৰ্ক কৰি দিয়ে যে ভেক্‌চিন ল’লেও পুনৰ সংক্ৰমণ হ’ব পাৰে আৰু ভাইৰাছৰ লক্ষণবিহীন সংক্ৰমণ বিয়পি পৰিব পাৰে৷ সেই কাৰণে সামাজিক দূৰত্ব মানি চলা আৰু ফে’চ মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা এতিয়াও গুৰুত্বপূৰ্ণ৷ গৱেষকসকলে ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ এপ্ৰিললৈ ইউ কেত ভেক্‌চিন লোৱা ৩ লাখ ৫০ হাজাৰৰো অধিক লোকৰ টেষ্ট ৰিজাল্ট বিশ্লেষণ কৰিছিল আৰু প্ৰথমটো ড’জ লোৱাৰ ২১ দিনৰ পাছত কভিড-১৯ৰ নতুন সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰমাণ পায়৷ প্ৰথমটো ড’জ লোৱা ২১ দিনৰ পাছত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সঁহাৰি দিয়ে৷ প্ৰথমটো ড’জ লোৱাৰ পাছৰ ২১ দিনত কভিড-১৯ৰ নতুন সংক্ৰমণ ৬৫ শতাংশ কমা দেখিবলৈ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here