অহা বছৰৰ পৰা বন্ধ হ’ব single-use plastic-ৰ সামগ্ৰী

0
801
ভাৰতক অহা বছৰৰ ভিতৰত single-use plastic মুক্ত কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰ্যালয়ে৷ দেশজুৰি থকা অসংগৃহীত প্লাষ্টিকৰ আৱৰ্জনাৰ বিপদ আঁতৰাবলৈ ২০২২ চনৰ ১ জুলাইৰ পৰা single-use plastic সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ ইয়াৰ উপৰি পলিথিন বেগৰ ঘনত্ব (ডাঠ) ৫০ মাইক্ৰনৰ পৰা ১২০ মাইক্ৰনলৈ বৃদ্ধি কৰিছে৷ বৰ্তমান দেশত ৫০ মাইক্ৰনৰ কম ডাঠ পলিথিন বেগ নিষিদ্ধ৷ কিন্তু নতুন নিয়ম মতে অহা বছৰ ৩০ ছেপ্টেম্বৰৰ পৰা ৭৫ মাইক্ৰনৰ তলৰ পলিথিন বেগ আৰু ৩১ ডিচেম্বৰৰ পৰা ১২০ মাইক্ৰনৰ তলৰ পলিথিন বেগ নিষিদ্ধ কৰা হ’ব৷ নিষেধাজ্ঞা জাৰি হ’বলগীয়া single-use plastic সামগ্ৰীবোৰৰ ভিতৰত আছে ১০০ মাইক্ৰনৰ তলৰ প্লাষ্টিক ষ্টিকৰ সৈতে ইয়েৰবাড, বেলুনৰ বাবে প্লাষ্টিকৰ কাঠী, প্লাষ্টিকৰ পতাকা, কেণ্ডীৰ বাবে প্লাষ্টিকৰ কাঠী, আইচক্ৰীমৰ কাঠী, প্লেট, কাপ, গ্লাছ, চামুচ, কাটা চামুচ, ছুৰী, জুলীয়া বস্তু পান কৰা পাইপ, ট্ৰে’, তদুপৰি মিঠাইৰ বাকচত, নিমন্ত্ৰণী পত্ৰত আৰু চিগাৰেটৰ পেকেটত মেৰিওৱা প্লাষ্টিক ফিল্ম, প্লাষ্টিক বা PVC বেনাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here