অসাৱধানতা : ভাৰতীয়ৰ কিমান শতাংশই মাস্ক নিপিন্ধে জানেনে?

0
1287
কৰ’না মহামাৰী ৰোধৰ মূল উপায়টোৱে হৈছে মুখত মাস্ক পিন্ধা৷ এই লৈ জনসাধাৰণক চৰকাৰে বাৰম্বাৰ অনুৰোধ জনাই আহিছে৷ চৰকাৰে জাৰি কৰা এছ অ' পিতো প্ৰত্যেককে মুখত মাস্ক পিন্ধিহে বাহিৰলৈ ওলাবলৈ কোৱা হৈছে৷ কিন্তু তথাপিও যেন সচেতন নহয় কিছুসংখ্যক লোক৷ বহুতে এই নিৰ্দেশ অমান্য কৰি বজাৰে-সমাৰে ঘূৰি ফুৰা দেখা গৈছে৷ আনকি এইসকল লোকক মাস্ক নিপিন্ধাৰ কাৰণ সুধিলে নানা অজুহাত দেখুৱাই হাত সৰাৰ চেষ্টা কৰাও পৰিলক্ষিত হয়৷ এটা অধ্যয়নৰ তথ্য প্ৰকাশ কৰি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে কয় যে ভাৰতৰ ৫০ শতাংশ লোকে মাস্ক নিপিন্ধে৷ আনহাতে মাস্ক পিন্ধা ৫০ শতাংশ লোকৰ ভিতৰত ৬৪ শতাংশই তেওঁলোকৰ মুখহে ঢাকে, নাক নাঢাকে৷ ২০ শতাংশই মাস্ক পিন্ধে থুতৰিত আৰু ২ শতাংশই পিন্ধে ডিঙিত৷ তেওঁ লগতে কয় যে ২৫খন মহানগৰত ২০০০ মানুহক লৈ এই অধ্যয়নটো চলোৱা হৈছিল৷ ইফালে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে কয় যে যোৱা ১৫ দিনত ভাৰতত সক্ৰিয় কভিড ৰোগীৰ সংখ্যা অহৰহ কমি অহাটো লক্ষ্য কৰা হৈছে৷ ৩ মে’ত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৭.১৩% আৰু এতিয়া ১২.১%৷ সেইদৰে আৰোগ্যৰ হাৰো ৮১.৭ শতাংশৰ পৰা ৮৬.৭ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে আই চি এম আৰৰ সঞ্চালক প্ৰধান ভাৰ্গৱে কয় যে চৰকাৰে জুনৰ শেষ ভাগৰ ভিতৰত কভিড-১৯ৰ টেষ্টিং কেপাচিটি দৈনিক ৪৫ লাখলৈ বৃদ্ধি কৰিবলৈ লক্ষ্য লৈছে৷ বৰ্তমান দিনে ১৬–২০ লাখ টেষ্টিং কৰি থকা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here