অসম চৰকাৰৰ এক অভিলাষী আঁচনি– অটল অমৃত যোজনা

0
1142

ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ এখন নতুন আঁচনি হ’ল অটল অমৃত অভিযান৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা অসমৰ ৰাইজলৈ উৎসৰ্গিত এক অভিলাষী আঁচনি হ’ল অটল অমৃত যোজনা৷ অটল অমৃত আঁচনিৰ জৰিয়তে অসমৰ জনসাধাৰণে ৬টা বিভিন্ন নিৰ্দিষ্ট বেমাৰত ২ লাখ টকাৰ বীমা লাভ কৰিব৷ বি পি এলৰ পৰিয়ালৰ বাহিৰেও আন যিকোনো লোকে ১০০ টকা জমা কৰি স্মাৰ্ট কাৰ্ড লাভ কৰিব৷ অৱশ্যে যিসকল লোকৰ বিভিন্ন কোম্পানীত বীমা আছে, তেওঁলোকে এই সুবিধা লাভ নকৰিব৷ 

এই আঁচনিখনৰ উদ্দেশ্য হৈছে– এই আঁচনিখনৰ জৰিয়তে ছটা ৰোগৰ অন্তৰ্ভুক্ত কেতবোৰ নিৰ্দিষ্ট চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ আৰু দাৰিদ্ৰ্য সীমাৰেখাৰ ওপৰৰ পৰিয়াল, যাৰ বাৰ্ষিক আয় ৫ লাখতকৈ কম– তেনে পৰিয়ালৰ ৰোগীৰ চিকিৎসা কালত ২ লাখ টকাপৰ্যন্ত চিকিৎসা সাহায্য প্ৰদান কৰা হয়৷ এই আঁচনিত মুঠ ৬টা ৰোগৰ অন্তৰ্ভুক্ত মুঠ ৪৩৬টা চিকিৎসা পদ্ধতিক সামৰি লোৱা হয়৷ এই ৬টা ৰোগ হ’ল ক্ৰমে– হৃদৰোগ, কৰ্কট ৰোগ, বৃক্কৰ ৰোগ, নৱজাতকৰ ৰোগ, স্নায়ৱিক সমস্যা আৰু জুয়ে পোৰা৷ পঞ্জীয়নৰ পাছতে পৰিয়ালৰ সদস্যসকলে প্ৰত্যেকেই একোখনকৈ কাৰ্ড লাভ কৰিব, য’ত পৰিয়াল পৰিচায়কৰ সংখ্যা থাকিব৷ এই কাৰ্ডখনত উল্লিখিত চিকিৎসা পদ্ধতি গ্ৰহণৰ সময়ত সংশ্লিষ্ট চিকিৎসালয়ত প্ৰদান কৰিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব৷
যোৱা ১ নৱেম্বৰ, ২০২০ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৬ বিধ ৰোগ নহয়, অটল অমৃত যোজনাত ১২ প্ৰকাৰ ৰোগৰ কেছলেছ চিকিৎসা প্ৰদান কৰা হৈছে৷ ১ নৱেম্বৰৰ পৰা আই চি ইডত থকা সকলো ৰোগীলৈ ২ লাখ টকাৰ সাহায্যৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ লগতে সামৰি লোৱা হৈছে দুৰ্ঘটনাৰ চিকিৎসা, এবছৰলৈ শিশুৰ জটিল অস্ত্ৰোপচাৰৰ দৰে ৰোগকো৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে অটল অমৃত যোজনাত জাপানীজ এনকেফেলাইটিছ আৰু অকিউট এনকেফেলাইটিছ ৰোগৰ চিকিৎসা ব্যৱস্থাও অন্তৰ্ভুক্ত কৰে৷ এই আঁচনিৰ অধীনত কেঞ্চাৰ ৰোগত আক্ৰান্ত নহ’লেও ব’ন মেৰো ট্ৰেন্সপ্লাণ্টৰ ক্ষেত্ৰত ৰোগীয়ে ২ লাখ টকাকৈ লাভ কৰিব৷ লগতে আঁচনিৰ অধীনত হিতাধিকাৰীয়ে চৰকাৰী চিকিৎসালয়ৰ উপৰি ব্যক্তিগত চিকিৎসালয়তো উপৰিউক্ত ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here