অসমৰ গামোচা ডিঙিত লৈ কৰ’নাৰ ভেকচিন ল’লে প্ৰধানমন্ত্ৰীয়ে

0
1282

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি কৰ’না ভাইৰাছৰ ভেকচিনৰ প্ৰথমটো ড’জ লয়৷ ভেকচিন লোৱাৰ সময়ত তেওঁ অসমৰ গামোচা ডিঙিত পৰিধান কৰি দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান চমুকৈ এইমছত উপস্থিত হয়৷ এইমছত তেওঁক পুডুচেৰীৰ ছিষ্টাৰ নিবেদাই ভেকচিন দিয়ে৷ ভেকচিন লোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে তেওঁঁলোকক কয়– ভেকচিন দিলে, গমেই নাপালোঁ৷ তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত ইয়াৰ ফটো প্ৰকাশ কৰে আৰু ভেকচিনক লৈ জনসাধাৰণৰ মনৰ পৰা শংকা দূৰ কৰাৰ চেষ্টা কৰে৷ মোডীয়ে কয় যে কৰ’নাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় যুঁজ শক্তিশালী কৰিবলৈ আমাৰ চিকিৎসক আৰু বিজ্ঞানীসকলে যি ধৰণেৰে কাম কৰিছে, সেয়া অসাধাৰণ৷ মোডীয়ে সকলো লোককে কৰ’নাৰ ভেকচিন ল’বলৈ অনুৰোধ জনায়৷ উল্লেখ্য যে ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভেক্সিন ভেকচিনৰ প্ৰথমটো ড’জ কালি প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here