অসমলৈ পোন প্ৰথমবাৰৰ বাবে এটি নতুন পৰিভ্ৰমী চৰাই

0
1469

প্ৰকৃতিপ্ৰেমীৰ বাবে আন এক সুখবৰ৷ যোৱা মাহত মাগুৰি মতাপুং বিলত ১২২ বছৰৰ পাছত ‘মেণ্ডাৰিন ডাক’ৰ অৱস্থিতি প্ৰত্যক্ষ কৰাৰ পাছতে পুনৰ এই মাহতে অসমলৈ প্ৰথমবাৰৰ বাবে আগমন ঘটিল এযোৰ ‘Black-necked crane’ চৰাইৰ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰেঞ্জৰ সমীপত প্ৰথমে ‘ব্লেক নেক্‌ড ক্ৰেন’ চৰাইযোৰ প্ৰত্যক্ষ কৰে বৰপেটাৰ ইমৰান আহমেদ নামৰ ফটোগ্ৰাফাৰ এজনে৷ ইয়াৰ পাছতে স্বেচ্ছাসেৱী সংগঠন ৱাইল্ডলাইফ ট্ৰাষ্ট অব্‌ ইণ্ডিয়াৰ লগত সহযোগ কৰি থকা পাণবাৰীৰ সমীপৱৰ্তী চাউৰাং গাঁৱৰ প্ৰকৃতিপ্ৰেমী টিকেন ৰায়ে যোৱা ১৭ ফেব্ৰুৱাৰীত পাণবাৰীৰ এডৰা ধাননি পথাৰৰ নৰাণিত চৰাইযোৰ দেখা পোৱা বুলি সংগঠনটোৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

 উল্লেখ্য যে ‘ব্লেক নেক্‌ড ক্ৰেন’ চৰাইৰ প্ৰজাতিটোক ইতিমধ্যে সংকটাপন্ন চৰাইৰ তালিকাত তালিকাভুক্ত কৰিছে International Union for conservation of Nature চমুকৈ IUCN-এ৷ চীনৰ অধিকসংখ্যক বিস্তৃত হৈ থকা তথা সুউচ্ছ তিব্বতৰ পাহাৰীয়া এলেকাৰ আৱাসী এই চৰাইবিধক ইয়াৰ পূৰ্বে অৰুণাচলৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো দেখা পোৱা বুলি জনা গৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ নীলোৎপল মহন্তৰ নেতৃত্বত যোৱা প্ৰকৃতিপ্ৰেমীৰ দলটোৱে চৰাইযোৰক ‘ব্লেক নেক্‌ড ক্ৰেন’ বুলি পুনৰবাৰ নিশ্চিত কৰে৷ ৱাইল্ডলাইফ ট্ৰাষ্ট অব্‌ ইণ্ডিয়াৰ মানাহৰ প্ৰকল্প বিষয়া সনাতন ডেকাই জনোৱা অনুসৰি চৰাইযোৰ প্ৰথমবাৰৰ বাবে দেখি পাণবাৰীবাসীয়ে উৎফুল্লিত হৈ পৰাৰ লগতে চৰাইযোৰক যাতে কোনোও আমনি বা কোনোধৰণৰ অনিষ্ট নকৰে, সেই ক্ষেত্ৰত সজাগ হৈ ৰৈছে৷ আনহাতে পোন প্ৰথমবাৰৰ বাবে এই সংকটাপন্ন চৰাইযোৰৰ অৱস্থিতিৰ খবৰ বিয়পি পৰাৰ লগে লগে প্ৰকৃতিপ্ৰেমীসকল উৎফুল্লিত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here