অসমলৈ আহিছে কভিডৰ নতুন ৰূপ ইউ কে ভেৰিয়েণ্ট

0
964

কভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ কভিডৰ এক নতুন ৰূপ ইউ কে ভেৰিয়েণ্টৰ কথা পোহৰলৈ অহিছে। এই ভাষ্য স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কালাপাহাৰ কভিড হাস্পতাল পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত এইবাৰ কভিডৰ ইউ কে ভেৰিয়েণ্টৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে, যিয়ে অতি সোনকালে হাওঁফাওঁত আক্ৰমণ কৰে। ই অতি পাতল আৰু বতাহত বেছি দেৰিলৈ উৰি ফুৰিব পাৰে। সেইবাবে ইয়াৰ সংক্ৰমণ খুব দ্ৰুতগতিত হয়। তেওঁ লগতে উল্লেখ কৰে- অৱশ্যে কোনো গৱেষকেই এইপৰ্যন্ত কোৱা নাই যে ই পূৰ্বতকৈ বেছি ভয়াৱহ। কিন্তু মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক অধিক সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here