অসমত ৫.৯২ শতাংশ কৰ’না ভেক্‌চিন নষ্ট

0
1390

ভেক্‌চিন ল’বলৈ গৈ ভেকচিন নাপায় বহুতে ঘূৰি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়তে অসমৰ লগতে দেশৰ বিভিন্ন অংশত ভেক্‌চিন নষ্ট হ’বলৈ ধৰিছে৷

কৰ’না প্ৰতিৰোধৰ বাবে একমাত্ৰ প্ৰতিকাৰটোৱে হৈছে ভেক্‌চিনেশ্যন প্ৰক্ৰিয়া৷ ভাৰতৰ প্ৰতিখন ৰাজ্যতে এইপৰ্যন্ত পূৰ্ণোদ্যমে ভেক্‌চিন প্ৰদান কাৰ্যসূচী চলি আছে৷ তাৰ মাজতে এটা বেয়া খবৰে সকলোকে আশাহত কৰিছে৷ যিসময়ত দেশত ভেকচিনৰ অস্বাভাৱিক নাটনি হৈছে৷ ভেক্‌চিন ল’বলৈ গৈ ভেকচিন নাপায় বহুতে ঘূৰি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়তে অসমৰ লগতে দেশৰ বিভিন্ন অংশত ভেক্‌চিন নষ্ট হ’বলৈ ধৰিছে৷ দেশত কৰ’নাৰ ভেক্‌চিনৰ নাটনি চলি থকাৰ সময়তে একাংশ ৰাজ্যই বৃহৎ পৰিমাণৰ টিকা নষ্ট কৰাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে৷ সৰ্বাধিক ভেক্‌চিন নষ্ট হৈছে হাৰিয়ানাত৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি হাৰিয়ানাত সৰ্বাধিক ৬.৪৯% ভেক্‌চিন নষ্ট হৈছে৷ তাৰ পাছতে স্থান পাইছে অসমে৷ ৰাজ্যখনত ৫.৯২% ভেক্‌চিন নষ্ট হৈছে৷ ৰাজস্থানত ৫.৬৮%, মেঘালয়ত ৫.৬৭%, বিহাৰত ৫.২%, মণিপুৰত ৫.১৯%, পঞ্জাবত ৪.৯৪%, তামিলনাডুত ৪.১৩%, দাদৰ আৰু নগৰ হাভেলিত ৪.৮৫% তথা তামিলনাডুত ৪.১৩% ভেক্‌চিন নষ্ট হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here