অসমত হ’ব প্ৰবল ধুমুহা আৰু বৃষ্টিপাত: কেতিয়া?

0
1805

অহা ২৬ মে’ত ‘য়াছ’ নামৰ উক্ত ঘূৰ্ণী বতাহজাকে ওড়িষাৰ উপকূল অঞ্চল স্পৰ্শ কৰাৰ সম্ভাৱনা আছে যদিও ইয়াৰ প্ৰভাৱ এতিয়াৰে পৰাই ৰাজ্যত দেখা পোৱা গৈছে৷

ৰাজ্যত কাল কৰ’নাৰ ত্ৰাসৰ মাজতে বতৰেও ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে৷ অনাগত সময়ত অসমত বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ৷ অহা তিনি-চাৰি দিন ধৰি অসমত প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই কথা প্ৰকাশ কৰে৷ বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰে যে দক্ষিণ আন্দামান সাগৰ আৰু পূব মধ্য বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে এজাক ঘূৰ্ণীবতাহে অসমকে ধৰি হিমালয়ৰ পাদদেশৰ ৰাজ্যকেইখন আৰু পশ্চিমবংগ, ওড়িষাত প্ৰভাৱ পেলাব৷ অহা ২৬ মে’ত ‘য়াছ’ নামৰ উক্ত ঘূৰ্ণী বতাহজাকে ওড়িষাৰ উপকূল অঞ্চল স্পৰ্শ কৰাৰ সম্ভাৱনা আছে যদিও ইয়াৰ প্ৰভাৱ এতিয়াৰে পৰাই ৰাজ্যত দেখা পোৱা গৈছে৷ যোৱা ২১ মে’ৰ পৰাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু ধুমুহা আৰম্ভ হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰবল বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰি ইতিমধ্যে ৰাজ্যবাসীক আগতীয়াকৈ সতৰ্ক কৰি দিছে৷ উল্লেখ্য যে ৰাজ্যত বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগেই নদীসমূহত পানী বাঢ়িবলৈ আৰম্ভ কৰিছে৷ যাৰ বাবে এইবাৰ আগতীয়াকৈ বান অহাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here