অসমত তৃতীয়জোপা বাখৰবেঙেনাৰ গছ ক’ত আৰু কেতিয়া উদ্ধাৰ

0
1725


বিশ্বৰ ভিতৰতে আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য, বংশবৃদ্ধি নোহোৱা এবিধ উদ্ভিদ হ’ল বাখৰবেঙেনা গছ৷ ইয়াৰ বৈজ্ঞানিক নাম (Tamilnadia uliginosa)৷ আহোম ৰাজত্ব কালতেই ৰোপণ কৰা বুলি জনবিশ্বাস থকা শিৱসাগৰ জিলাৰ বকতা মৌজাৰ পশ্চিম অঞ্চলৰ জৱলাটিং গাঁৱত থকা উদ্ভিদ বিস্ময় বাখৰবেঙেনা নামৰ গছ দুজোপাৰ দৰেই আন এজোপা গছ আৱিষ্কাৰ হৈছে একেটা মৌজাৰে বকতা কৰঙা গাঁৱৰ বাসিন্দা পৰাণজিৎ ৰাজখোৱাৰ বাৰীত৷ উদ্ভিদবিধৰ গৱেষণা বৰ্তমানৰ মতে ৫৮৬ বছৰৰ পুৰণি বুলি নিৰ্ণয় হোৱা ঐতিহাসিক বাখৰবেঙেনা গছজোপা বিৰল প্ৰজাতীয় আৰু সহজে বংশ বৃদ্ধি নকৰা বুলি অভিমত দিয়া অৱস্থাতে বকতাৰ উক্ত লোকজনে ইয়াৰ ডাল সংৰোপণ কৰি পুলি জীয়াই তোলাৰ কথা জানিব পৰা গৈছে৷ ইয়াৰ পূৰ্বেও গোলাঘাটৰ এখন গাঁৱৰ বকতাৰ এগৰাকী জীয়ৰীয়ে মূল বাখৰবেঙেনাজোপাৰ পুলি জীয়াই তোলাৰ তথ্য প্ৰকাশ হৈছিল৷ বকতাৰ পৰাণজিৎ ৰাজখোৱাই জনোৱা মতে, তেওঁ পাঁচ বছৰ পূৰ্বে বাখৰবেঙেনা গছজোপাৰ এটা ডাল নি নিজৰ বাৰীত ৰোপণ কৰিছিল৷ আজি সেইডালৰ পৰা হোৱা পুলিটো লহপহকৈ বাঢ়ি পাঁচ ফুট দৈৰ্ঘ্য হৈছেগৈ৷ দুৰ্গা পূজাৰ সময়তে তেওঁ ডালটো নি ৰোপণ কৰা বাবে জনবিশ্বাস অনুসৰি প্ৰতি বৰ্ষতে তেওঁ পুলিটোৰ তলত চাকি-বন্তি জ্বলাই সেৱা আগবঢ়াইছে৷ ২০২১ বৰ্ষত তেওঁ সকলো পৰ্যটকৰ বাবে মুকলি কৰিব৷ অসমৰ বহু প্ৰতিষ্ঠানে গৱেষণা কৰি আজিপৰ্যন্ত কোনো সফল হ’ব নোৱৰা কাৰ্য কৰি দেখুৱালে বকতাৰ এইজন ব্যক্তিয়ে৷ এতিয়া সৰ্বত্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here