অসমত কিদৰে বাঢ়িছে ধঁপাত সেৱনকাৰী মহিলাৰ সংখ্যা?

0
1287

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা বিগত ২০২০ বৰ্ষত প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে মহিলা মদ্যপায়ীৰ সংখ্যা বৃদ্ধিৰ পৰিসংখ্যা দাঙি ধৰাৰ সময়তে অসমত মহিলা মদ্যপায়ীৰ তথ্যও প্ৰকাশ পাইছিল৷ ২০২০ চনত প্ৰকাশ পোৱা উক্ত তথ্যত সমগ্ৰ দেশতে মহিলা মদ্যপায়ীৰ হাৰ ১.২ শতাংশ হোৱাৰ বিপৰীতে অসমত মহিলা মদ্যপায়ীৰ হাৰ ২৬.৩ শতাংশ হোৱাৰ তথ্যও উল্লেখ কৰা হৈছিল৷ কিন্তু শেহতীয়াকৈ অসমত ধঁপাত সেৱনকাৰী মহিলাৰ সংখ্যাও বৃদ্ধি পোৱাটো আন এক উদ্বেগজনক বিষয় হৈ পৰিছে৷ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ তথ্য অনুসৰি সম্প্ৰতি অসমত মহিলা ধঁপাত সেৱনকাৰীৰ সংখ্যা ৩২.৯ শতাংশ হৈছেগৈ৷ 

উল্লেখ্য যে প্ৰায় এটা  দশকৰ পূৰ্বে অসমত ধঁপাত সেৱন কৰা মহিলাৰ সংখ্যা দহ শতাংশৰ তলত আছিল যদিও বিগত এটা দশকৰ ভিতৰত এই সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ এক সূত্ৰ অনুসৰি তামোলৰ সৈতে খোৱা ধঁপাত, চাদা, পাণৰ সৈতে খোৱা জৰ্দা, গুট্‌খাজাতীয় দ্ৰব্য আদিৰ লগতে চিগাৰেট সেৱন কৰা মহিলাৰ সংখ্যাও অসমত দিনক দিনে বৃদ্ধি পাইছে৷ এনেদৰে মহিলাৰ মাজত বিভিন্ন প্ৰকাৰে ধোঁৱাবিহীন ধঁপাত সেৱন কৰাৰ লগতে চিগাৰেটৰ প্ৰচলনৰ সংখ্যাও বূৃদ্ধি পোৱাৰ ফলত অসমৰ মহিলাৰ মাজত বিভিন্ন প্ৰকাৰৰ ৰোগৰ সমান্তৰালভাৱে কৰ্কট ৰোগৰ সংখ্যাও বছৰি বৃদ্ধি পোৱাৰ কথাও সূত্ৰটোৱে জানিবলৈ দিয়ে৷ আনহাতে অত্যাধুনিক ভোগবাদী চিন্তাৰে মুষ্টিমেয় একাংশ কিশোৰী, যুৱতীয়ে ভিন্ন কাৰণত হতাশগ্ৰস্ত হৈও বিভিন্ন প্ৰকাৰে ধঁপাত সেৱন কৰাৰ সমান্তৰালভাৱে মদ্যপান কৰাৰ লগতে ড্ৰাগ্‌ছৰ প্ৰতি আসক্ত হৈ পৰাৰ ফলতো ৰাজ্যখনত ধঁপাত সেৱন কৰা মহিলাৰ সংখ্যা বৃদ্ধি পোৱাই নহয়, এনে মহিলাৰ দ্বাৰা নিত্য-নতুন বিভিন্ন অপৰাধৰ ঘটনাও বৃদ্ধি পাইছে বুলি ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ সূত্ৰটোৱে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here