অসমত কভিডজনিত কাৰণত মৃত্যুৰ হাৰ ০.৫ শতাংশ

0
885

পৰৱৰ্তী সময়ত যদি এই ধাৰা অব্যাহত থাকে, তেন্তে অসমে হয়তো আৰু আপোনাজনক হেৰুওৱাৰ বেদনা সহিব নালাগে৷

ৰাজ্যত কৰ’নাৰ সংক্ৰমণজনিত পৰিস্থিতি ক্ৰমাৎ অধিক জটিল হৈ পৰিছে৷ যোৱা ৬ মে'ত ৰাজ্যত অভিলেখসংখ্যক অৰ্ধশতাধিক লোক মৃত্যুমুখত পৰাৰ পাছত আই চি এম আৰে অসমত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ হাৰ ৪ শতাংশপৰ্যন্ত বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে৷ উল্লেখ্য যে ৰাজ্যত ৬ মে'ৰ দিনটোত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই ৫ হাজাৰ স্পৰ্শ কৰাৰ উপক্ৰম ঘটে৷ অসমত কৰ’নাৰ সংক্ৰমণে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰে৷ ইয়াৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ যে অসমত এই মুহূৰ্তত কভিডজনিত কাৰণত মৃত্যুৰ হাৰ ০.৫ শতাংশ৷ লক্ষণীয় যে আজিৰ দিনটোত অসমত ৪৯৩৯জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ আমি সকলোৱে জীৱন-জীৱিকাক অটুট ৰাখি কভিডৰ বিৰুদ্ধে যুদ্ধ কৰি যাব লাগিব৷ অত্যন্ত সাৱধানতা অৱলম্বন কৰি শক্তিশালী মন এটাৰে কৰ'না ভাইৰাছক পৰাস্ত কৰাটোৱেই হোৱা উচিত এই কঠিন সময়ত আমাৰ আটাইতকৈ ডাঙৰ সংকল্প।

LEAVE A REPLY

Please enter your comment!
Please enter your name here